দিল্লীত বহি থাকিয়েই চুইডেনত গাড়ী চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

প্ৰধান মন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত ৫জি মোবাইল সেৱা আৰম্ভ কৰিছে। আজি একেই প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত বহি থাকিয়েই ইউৰোপত এখন গাড়ী ভাৰ্চুৱেলী চলায়। ভাৰতীয় ম’বাইল কংগ্ৰেছ ২০২২ ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই ৫ জি সেৱা আৰম্ভ কৰে। নতুন সেৱাসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত এৰিক্সন বুথত বহি থকা সময়ত ইউৰোপত থকা এখন গাড়ী চলায়।

নতুন ম’বাইল সেৱাৰ বাবে, ভাৰতত থকা ডিভাইচবোৰৰ সৈতে গাড়ীৰ নিয়ন্ত্ৰণ সংযোগ কৰিবলৈ উচ্চ-গতিৰ নেটৱৰ্ক ব্যৱহাৰ কৰা হৈছে। সেয়েহে গাড়ীখনৰ ৰিম’ট কণ্ট্ৰোলৰ জৰিয়তে মোদীয়ে চলাবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাড়ী খন চলাই থকাৰ ফটো কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৰ শিৰোনামটোত কোৱা হৈছে, “মোদীজীয়ে ভাৰতৰ ৫জি প্ৰযুক্তি ব্যৱহাৰ কৰি দিল্লীৰ পৰা দূৰৱৰ্তী ইউৰোপত গাড়ী চলাই পৰীক্ষা কৰে।” ইফালে, প্ৰগতি ময়দানত চলি থকা চাৰিদিনীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও বুথ পৰিদৰ্শন কৰে। তেওঁ ভাৰতৰ ষ্টাৰ্টআপসমূহক ৫জি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছিল।

লক্ষ্যণীয় যে মোবাইল সেৱা সমূহ নিয়োজিত কৰাৰ প্ৰথম পৰ্যায়ত এই সেৱাসমূহ ১৩ খন চহৰত উপলব্ধ হ’ব। তদুপৰি, ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশক ৫জি নেটৱৰ্কৰ দ্বাৰা সামৰি লোৱা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে জিঅ’ অভিযন্তাসকলৰ এটা দলে স্থানীয়ভাৱে এণ্ড-টু-এণ্ড ৫জি প্ৰযুক্তি বিকশিত কৰি আছে আৰু নগৰ তথা গ্ৰাম্য অঞ্চলৰ মাজত স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱধান কেনেদৰে কমোৱাত সহায় কৰিব সেয়া চেষ্টা কৰা হৈছে।। নতুন দিল্লীৰ প্ৰগতি ময়দানত ১ ৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ইণ্ডিয়া ম’বাইল কংগ্ৰেছ। ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশত ৫ জি প্ৰযুক্তি উদ্বোধন কৰে। দেৱালীৰ পৰা চহৰসমূহত ৫ জি সেৱা আৰম্ভ কৰা হ’ব।

টেলিকম খণ্ডৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে ৫জি প্ৰযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ’ব। ২০২৩ ৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিত কেৱল৫ জি প্ৰযুক্তিৰ বাবে অতিৰিক্ত ৫০ কোটি ডলাৰ আহিব।