২১৬ ফুট উচ্চতাৰ ‘সমতাৰ প্ৰতিমূৰ্তি’ উদ্বোধন কৰিলে মোদীয়ে

মানুহৰ মাজত সমতাৰ বাণী বিলাই যোৱা ১১ শতিকাৰ সাধু শ্ৰী ৰামানুজাচাৰ্যৰ ২১৬ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হায়দৰৰাবাদত মুকলি কৰা এই বিশাল আকৃতিৰ মূতিটোৰ “সমতাৰ প্ৰতিমূৰ্তি” হিচাবে জনাজাত হ’ব।

সন্ত শ্ৰী ৰামানুজাচাৰ্যই মাজত সমতাৰ বাণী প্ৰচাৰ কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ চেষ্টা চলাইছিল। মোদীয়ে আজি মুকলি কৰা সন্তগৰাকীৰ প্ৰতিমূৰ্তিটো ‘পাঞ্চালোহা’ৰ দ্বাৰা নিৰ্মিত। পঞ্চলোহা হৈছে পাঁচটা ধাতুৰ সংমিশ্ৰণ, সেয়া হৈছে ক্ৰমে— সোণ, ৰূপ, তাম, পিতল, আৰু জিংক ।

এই মূৰ্তিটোৱেই বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি ।

মূৰ্তিটো ‘ভদ্ৰ বেদী’ নামৰ এটা ৫৪ ফুট ওখ আধাৰৰ ওপৰত স্থাপন কৰা হৈছে।

মূৰ্তিটোৰ সৈতে বৈদিক ডিজিটেল পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰও স্থাপন কৰা হৈছে।

ইয়াত প্ৰাচীন ভাৰতীয় গ্ৰন্থৰ লগতে শ্ৰী ৰামানুজাচাৰ্যৰ কৰ্মৰাজিৰ বিৱৰণ সম্বলিত শিক্ষামূলক গেলেৰী এটাও আছে।

প্ৰতিমূৰ্তিটো শ্ৰী ৰামানুজাচাৰ্য আশ্ৰমৰ সন্নাসী শ্ৰী চিন্না জিয়াৰ স্বামীৰ পৰিকল্পনা মতে নিৰ্মাণ কৰা হৈছে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰামানুজাচাৰ্যৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত থ্ৰি ডি প্ৰেজেণ্টেচন মেপিঙো প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে সমতাৰ প্ৰতিমূৰ্তিৰ চাৰিওফালে থকা ১০৮ টা দিব্যা মন্দিৰো পৰিদৰ্শন কৰে৷