NORTHEAST NOW (Assamese)

মুখ্য মন্ত্রী সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ; দিলে সহায়ৰ আশ্বাস

July 19, 2020 12:07 pm · কল্পজ্যোতি শইকীয়া
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে।

আজি পুৱা ভাগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোন যোগে মু্খ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বাৰ্তালাপ কৰে l

ৰাজ্যৰ বান পৰিস্থিতি, গৰাখহনীয়া, কোভিড-১৯ আৰু বাঘজান পৰিস্থিতিৰ সম্পৰ্কে  প্ৰধান মন্ত্ৰীয়ে মুখ্য মন্ত্ৰীগৰাকীৰ পৰা বুজ লোৱা বুলি জানিব পৰা গৈছে।

মুখ্য মন্ত্ৰীয়েও সমস্যাসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে  প্ৰধান মন্ত্ৰী মোডীক অৱগত কৰে।

প্ৰধান মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে l

Related News