NORTHEAST NOW (Assamese)

‘মন কি বাত’ত অসমীয়াৰ অতিথি পৰায়ণতাক প্ৰশংসা প্ৰধান মন্ত্ৰী মোদীৰ

November 24, 2019 9:58 pm · এন ই নাও নিউজ
Updated: November 24, 2019 10:00 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

গুৱাহাটীত অলপতে অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ পুষ্কৰম মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ লোকসকলক অসমৰ ৰাইজে যিদৰে সেৱা শুশ্ৰুষা কৰিলে তাৰ বাবে অসমবাসীক ধন্যবাদ জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰী মোদীয়ে আজি দেশবাসীক উদ্দেশ্যি ‘মন কি বাত’ত দিয়া ভাষণত উক্ত ধন্যবাদসূচক মন্তব্যটো প্ৰদান কৰে।

‘অসমবাসীয়ে দেখুওৱা আতিথ্যৰ বাবে মই তেওঁলোকক প্ৰশংসা কৰিব বিচাৰিছো’, প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে ধন্যবাদ জনায় অসমবাসীক।

তেওঁ লগতে কয়, ‘দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক উষ্ম আদৰণি জনাইছে। আয়োজকে পৰিস্কাৰ-পৰিচ্চন্নতাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অঞ্চলটো প্লাষ্টিক মুক্ত কৰি ৰখাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছিল’।

ইয়াৰ উপৰি তেওঁ কয়, ‘নগাঁৱৰ ৰমেশ শৰ্মাই লিখিছে যে ৪ৰ পৰা ১৬ নৱেম্বৰলৈ ব্ৰহ্মপুত্ৰ পুষ্কৰম মেলা অনুষ্ঠিত হৈছিল আৰু তাত দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে অংশ লয়’।

পুষ্কৰম মেলাৰ কথা উল্লেখ কৰি মোদীয়ে পুনৰ কয়, ‘ব্ৰহ্মপুত্ৰ পুস্কৰ মহোৎসৱৰ কথা দেশৰ বেছিভাগ মানুহেই নাজানে।যদি মহোৎসৱখনক আন্তঃৰাষ্ট্ৰীয় নদী মহোৎসৱ বা তেনে কোনো অন্য নামেৰে নামকৰণ কৰা হ’লহেতেন তেতিয়া দেশবাসীৰ বাবে এয়া এক অত্যন্ত চৰ্চিত বিষয় হৈ পৰিলহেতেন’।

মন কি বাতৰ শেষৰ ফালে প্ৰধান মন্ত্ৰীগৰাকীয়ে এই উৎসৱৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অহা বছৰ এই উৎসৱ অন্ধ্ৰ প্ৰদেশত আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে।

Related News