• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০৭ চনৰ লজ্জাজনক “বেলতলা কাণ্ড”ৰ দিনটোক ক’লা দিৱস হিচাপে পালন আদিবাসী ছাত্ৰ সন্থাৰ

চাজিদ খান by চাজিদ খান
November 24, 2019 10:55 pm
Black Day by AASAA

আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি শাখাই "বেলতলা কাণ্ড"ৰ দিনটোক ক'লা দিৱস হিচাপে পালন কৰাৰ দৃশ্য।

59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৭ চনত ঘটা এটা পাহৰিব নোৱৰা অবিচাৰ, অমানৱীয় ঘটনাক সুঁৱৰি টংলা নগৰত সদৌ আদিবাসী ছাত্ৰ সন্থা, অসমৰ ওদালগুৰি শাখাই আজিৰ দিনটোক ক’লা দিৱস হিচাপে পালন কৰে।

সংগঠনটোৰ সভাপতি জাষ্টিন লক্ৰাৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে এই উপলক্ষে বন্তি প্ৰজ্বলন কৰে।

Apply Now

২০০৭ চনৰ আজিৰ দিনটোতে (২৪ নৱেম্বৰ) গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হৈছিল লক্ষ্মী ওৰাং নামৰ এগৰাকী আদিবাসী যুৱতী।

আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা দিয়াৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গুৱাহাটীত এটা প্ৰতিবাদী সমদল উলিয়াইছিল। বেলতলাত হোৱা প্ৰতিবাদী সমদলটোৱে দিচপুৰ অভিমুখে খোজকাঢ়ি আহি থকাৰ সময়ত মহানগৰীবাসী একাংশ স্থানীয় লোকে প্ৰতিবাদকাৰীসকলে হিংসাত্মক আচৰণ কৰা বুলি অভিযোগ আনি তেওঁলোকৰ সৈতে সংঘাতত লিপ্ত হৈছিল। তাৰ পিছতে এই লজ্জাজনক ঘটনাটো ঘটাইছিল মহানগৰীৰ তথাকথিত সভ্য সমাজে।

লগতে পঢ়ক এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

একাংশই লক্ষ্মীক নগ্ন কৰি দৌৰাই দৌৰাই পিটাৰ উপৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আন আন প্ৰতিবাদকাৰীসকলকো।

এই ঘটনাৰ দুখজনক সোঁৱৰণ কৰাৰ উপৰি উপস্থিতসকলক সম্বোধন কৰি লাক্ৰাই কয়, “আন ৰাজ্যত আদিবাসীসকলৰ জনজাতিৰ স্বীকৃতি পাইছে যদিও কংগ্ৰেছ আৰু বিজেপিৰ চৰকাৰ উভয়েই সম্প্ৰদায়টোক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি প্ৰতাৰণা কৰি আহিছে।”

উল্লেখ কৰিব পাৰি যে মহানগৰীৰ মানুহৰ হিংস্ৰতাৰ ফলত প্ৰাণৰ মমতাত সম্পূৰ্ণ উলংগ হৈ দৌৰি থকা অৱস্থাতো যুৱতীগৰাকীক কেইজনমানে প্ৰহাৰ কৰিছিল আৰু নিৰ্লজ্জ বহুকেইজনে তেওঁৰ ফটো উঠোৱাত ব্যস্ত আছিল।

ঘটনাটোৰ পিছত অসমৰ একাংশ সংবাদ মাধ্যমৰ ভূমিকাও আছিল অতি পক্ষপাতমূলক আৰু ঘটনাটোৰ বাবে প্ৰতিবাদকাৰীসকলৰ আচৰণক দায়ী কৰাৰ প্ৰৱণতাৰে বাতৰি পৰিৱেশন কৰিছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd