• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

মানস ৰয় by মানস ৰয়
September 2, 2018 8:41 pm
Laxmi-570x320
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৭ চনত গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হোৱা লক্ষ্মী ওৰাঙৰ নগ্ন ফটোক এইবাৰ ৰাজনৈতিক মুনাফাত ব্যৱহাৰ কৰিলে এজন বিজেপিৰ সমৰ্থকে।

হিন্দু অখিলেশ গুপ্তা (Hindu Akhilesh Gupta) নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই দুষ্কাৰ্য্যটো কৰা হৈছে। মন কৰিব লগীয়া কথা যে হিন্দু অখিলেশ গুপ্তাই নিজৰ প্ৰফাইল ফটো হিচাপে বাজপেয়ীৰ ফটোখন লগাই ৰাখিছে।

Apply Now

গুৱাহাটী মহানগৰীত ঘটা সেই লজ্জাজনক ঘটনাটোক পশ্চিম বংগৰ এটা ঘটনা বুলি কোৱা হৈছে। লগতে লক্ষ্মী ওৰাঙৰ সেই দুৰ্ভাগ্যৰ দিনটোৰ ফটোখন লগাই অখিলেশে কংগ্ৰেছ কাৰ্য্যকৰ্তাই এগৰাকী মহিলাক পিটা দৃশ্য বুলি নিকৃষ্ট প্ৰচাৰ কৰিছে।

ফটোখনৰ সৈতে নিজৰ পোষ্টত হিন্দীতে অখিলেশে লিখিছে, “বংগত কংগ্ৰেছ কাৰ্য্যকৰ্তাই হিন্দু মহিলাক দৌৰাই দৌৰাই পিটিছে। মহিলাগৰাকীৰ অপৰাধ হ’ল তেওঁ কংগ্ৰেছৰ সভাত বিজেপি আৰু মোদী জিন্দাবাদ বুলি শ্ল’গান দিছিল। শ্বেয়াৰ কৰি কংগ্ৰেছৰ চৰিত্ৰ জগতৰ সন্মুখনত উদঙাই দিয়ক।”

উল্লেখযোগ্য যে ফটোখনৰ সৈতে পোষ্টটো বহু সংখ্যক বিজেপিৰ অন্ধ সমৰ্থকে শ্বেয়াৰ কৰিছে।

কংগ্ৰেছৰ বিৰুদ্ধে নিকৃষ্ট প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ সমৰ্থক এজনে এইদৰে অসমৰ এগৰাকী নাৰীৰ সন্মান হানিকৰ অতীতক ব্যৱহাৰ কৰাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Laxmi-Orang-2
হিন্দু অখিলেশ গুপ্তাই দিয়া পোষ্টটোৰ স্ক্ৰীনশ্বট।
উৎস : ফেচবুক।

উল্লেখযোগ্য যে ২০০৭ চনৰ ২৪ ডিচেম্বৰত আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা দিয়াৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গুৱাহাটীত উলিওৱা এটা প্ৰতিবাদী সমদলৰ সময়ত উক্ত দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিল। প্ৰতিবাদকাৰীয়ে শিলগুটি দলিওৱাত স্থানীয় লোকৰ সৈতে সংঘাত সৃষ্টি হোৱাৰ পিছত মহানগৰীৰ এচাম লোকে অতি হিংস্ৰতাৰে প্ৰতিক্ৰিয়া কৰিছিল আৰু কেইবাজনো আদিবাসী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। মহানগৰীৰ মানুহৰ হিংস্ৰতাৰ ফলত প্ৰাণৰ মমতাত সম্পূৰ্ণ উলংগ অৱস্থাৰে দৌৰিব লগীয়া হৈছিল লক্ষ্মী ওৰাং। কেৱল সেয়াই নহয়, সেই অৱস্থাতো তেওঁক কেইজনমানে প্ৰহাৰ কৰিছিল আৰু নিৰ্লজ্জ বহুতে তেওঁৰ ফটো উঠোৱাত ব্যস্ত আছিল।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, ভুক্তভোগী লক্ষ্মী ওৰাঙক ন্যায় দিয়াৰ বাবে যুঁজ দিয়াৰ পৰিৱৰ্তে উক্ত দুৰ্ভাগ্যজনক অতীতক লৈ বহুতেই ৰাজনৈতিক লাভ উঠোৱাৰ বাবে তৎপৰ হৈ আহিছে। মাজতে এ আই য়ু ডি এফৰ পৰা ওৰাঙক লোকসভাৰ নিৰ্বাচনৰ বাবে টিকট দিবলৈ বিচাৰিছিল।

মানস ৰয়

মানস ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd