NORTHEAST NOW (Assamese)

ল’কডাউন সন্দৰ্ভত ২৭ এপ্ৰিলত ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

April 22, 2020 7:35 pm · এন ই নাও নিউজ
Updated: April 22, 2020 8:07 pm
দেশবাসীলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহ্বান জনায়।

দেশত ল’কডাউনৰ ভবিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ এপ্ৰিলত ৰাতিপুৱা সকলোবোৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জড়িয়তে বৈঠকত মিলিত হ’ব।

এই বৈঠকৰ সময়ত প্ৰধান মন্ত্ৰী মোদীয়ে মুখ্য মন্ত্ৰী সকলৰ পৰা নিজ নিজ ৰাজ্যৰ ফিডবেক লোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ পৰা লাভ কৰা ফিডবেকৰ ওপৰত নিৰ্ভৰ কৰি ভবিষ্যত ৰণনীতি তৈয়াৰ কৰিব।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে বৈঠকত অংশ গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে, ১৪ এপ্ৰিলত বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে হোৱা প্ৰধান মন্ত্ৰীৰ বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰী মোদীয়ে ৩ মে’লৈ ল’কডাউন বৃদ্ধিৰ কতা ঘোষণা কৰিছিল।

ভাৰতত বৰ্তমানলৈ ২০,০০০ অধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৫২ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হয়।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ল’কডাউন ৩ মে’ৰ পিছতো থাকিবনে উঠাই দিয়া হ’ব সেই সম্পৰ্কে অসমৰ জনসাধাৰণৰ সামাজিক আচৰণৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

Related News