মোদীৰ ভৱিষ্যত পৰিকল্পনা কি? কাইলৈ মুখ্য মন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

PM Modi to interact with NE CM on Tuesday

ফাইল ফটো

ক’ৰ’না ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউনৰ সময়তে সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে মুখ্য মন্ত্ৰীসকলৰ সৈতে বিয়লি ৩ বজাত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা জানিবলৈ দিয়ে।

এই বৈঠকৰ জৰিয়তে প্ৰধান মন্ত্ৰী মোদীয়ে মুখ্য মন্ত্ৰীসকলৰ পৰা লকডাউন পৰামৰ্শ বিচৰাৰ লগতে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পৰৱৰ্তী ৰণনীতি কি হ’ব সেই সন্দৰ্ভত আলোচনা হ’ব।

ইয়াৰ উপৰি দেশত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰা ক’ৰ’না ভাইৰাছৰ সমীক্ষা কৰাৰ উপৰি ৰাজ্য সমূহে ইয়াৰ বিৰুদ্ধে যুঁজাত কিবা অসুবিধা পাইছে নেকি সেই বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ ১৭ মে’ত অন্ত পৰিব। সেয়ে সোমবাৰৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, ‍‘প্ৰধান মন্ত্ৰী মোদীয়ে কাইলৈ দুপৰীয়া তিনি বজাত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে পঞ্চমখন বৈঠকত মিলিত হ’ব’।

ইফালে আজি কেবিনেট সচিব ৰাজীৱ গোৱাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ মুখ্য সচিব আৰু স্বাস্থ্য সচিব সমূহৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এই পৰ্যন্ত দেশত প্ৰায় ৬৩ হাজাৰ লোক ক’ভিদ-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ইয়াৰ ফলত ২১০৯ গৰাকী লোকৰ মৃত্যু হৈছে।