NORTHEAST NOW (Assamese)

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো ‘আয়ুস্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ আঁচনিৰ শুভাৰম্ভ

September 24, 2018 8:12 am · এন ই নাও নিউজ
Updated: September 24, 2018 8:13 am

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো ‘আয়ুস্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক অনুষ্ঠানত শুভাৰম্ভ কৰে।

আঁচনিখন উদ্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা সমাজৰ দৰিদ্ৰতম লোকসকলে উন্নত চিকিৎসা লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ উদ্বিগ্নতাত ভূগিব নালাগে যিহেতু এই আঁচনিখনে হিতাধিকাৰী সকলক বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰিব।

অনুষ্ঠানটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ ১ কোটি ৪০ লাখ জনসাধাৰণৰ জীৱন স্পৰ্শ কৰিবলৈ প্ৰয়াস কৰিছে।

তাৰোপৰি শৰ্মাই কয় যে এই যোজনাখনৰ অধীনত অসম চৰকাৰে নিৰ্বাচিত পৰিয়ালসমূহক অহা ২৪ নৱেম্বৰৰ পৰা লেমিনেটেড় কাৰ্ড প্ৰদান কৰিব আৰু এই প্ৰক্ৰিয়া অহা ১০ অক্টোবৰত সমাপ্ত হ’ব।

এই আঁচনিখনৰ অধীনত ১৩৫০ টা পদ্ধতি আৰু ১৩৯৪ টা চিকিৎসা তথা অস্ত্ৰোপচাৰ পেকেজ সামৰি লোৱা হ’ব আৰু সকলো চিকিৎসা মহাবিদ্যালয় তথা নিৰ্বাচিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত হিতাধিকাৰী সকলে চিকিৎসা লাভ কৰিব।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ১ নৱেম্বৰ ২০১৮ ৰ পৰা সকলো জিলা চিকিৎসালয়তে এই যোজনাৰ অধীনত সেৱা উপলব্ধ হ’ব।

আনহাতে অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোৱালে কেইগৰাকীমান হিতাধিকাৰীক যোজনাখনৰ অদীনত কাৰ্ড বিতৰণ কৰে।

অনুষ্ঠানটোত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই, সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News