NORTHEAST NOW (Assamese)

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

January 27, 2021 6:39 pm · এন ই নাও নিউজ
Updated: January 27, 2021 7:26 pm

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি।

আজিৰে পৰা অৰ্থাৎ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই চাকৰিৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া।

বিভাগটোত ৩৭৭ টা পদ পূৰণৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচৰা হৈছে।খালী হোৱা পদ কেইটা হৈছে চতুৰ্থ শ্ৰেণীৰ পিয়নৰ পদ।

এই পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা হ’ব লাগিব উচ্চ মাধ্যমিক উত্তীৰ্ণ।

প্ৰাৰ্থীৰ বয়স ২০২১ চনৰ ১ জানুৱাৰীলৈ ৪০ বছৰৰ বেছি হ’ব নোৱাৰিব।

তদুপৰি এই পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম হ’লেও নহ’ব।

অনুসূচিত জাতি ,জনজাতি প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ বয়স ৰেহাই দিয়া হ’ব।অন্যান্য পিছ পৰা জাতিৰ প্ৰাৰ্ছীৰ ক্ষেত্ৰত বয়সৰ সীমা ৩ বছৰলৈ ৰেহাই দিয়া হ’ব।

এই পদসমূহৰ বাবে ২৭ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব।

প্ৰাৰ্থীয়ে অনলাইন আবেদন জনাবলৈ এই লিংকলৈ যাব লাগিব—  http://pnrdassam.org/grade_four_recruitment/public/#/।

নিয়োগ বিনিময় কেন্দ্ৰ প্ৰাৰ্থীৰ নাম পঞ্জীয়ন হৈ থাকিব লাগিব।

এই পদত দৰমহাৰ নিৰিখ হৈছে ১২,০০০ ৰ পৰা ৫২,০০০  টকা।

Related News