NORTHEAST NOW (Assamese)

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

July 3, 2022 8:15 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰতীয় ৰে’লৱেই যাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰা নতুন ধাৰণাৰ দ্বিতীয় খন শ্লিপিং পড হোটেল আজি মুম্বাইত মুকলি কৰা হয়।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত (চিএছএমটি) নতুনকৈ মুকলি কৰা শ্লিপিং পড হোটেলখনৰ ফটো শ্বেয়াৰ কৰে।

মুম্বাইত ভাৰতীয় ৰেলৰ এইখন এনে ধৰণৰ দ্বিতীয় হোটেল । নতুন হোটেলখনত শীতাতপ নিয়ন্ত্ৰণ, আৰু চিচিটিভি নিৰীক্ষণৰ দৰে সুবিধাৰ সৈতে ৫০ জন লোক থাকিব পাৰিব। পড হোটেলখন বিকাশৰ পৰ্যায়ত আছে আৰু যাত্ৰীসকলৰ বাবে আৰু কেইবাখনো এনে হোটেল মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

ভাৰতীয় ৰে’লৰ প্ৰথম পড হোটেলখন যোৱা বছৰ নৱেম্বৰত ৰেল ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব দানৱেমুম্বাই মুম্বাইৰ কেন্দ্ৰীয় ৰেল ষ্টেচনত প্ৰৱৰ্তন কৰিছিল। ইয়াত ৪৮ টা কেপচুল সদৃশ কোঠা আছে, যাৰ ভিতৰত আছে ক্লাছিক পড, ব্যক্তিগত পড, মহিলাৰ বাবে পৃথক পড আৰু বিশেষ ভাবে সক্ষম যাত্ৰীসকলৰ বাবে বিশেষ সুবিধা।

চি.এছ.এম.টি. হৈছে দেশৰ অন্যতম ব্যস্ত ৰেল ষ্টেচন। ইয়াত যাক লাখ লাখ যাত্ৰীয়ে মেট্ৰ’ৰ লগতে আন ৰেল সেৱা ব্যৱহাৰ কৰি আহিছে।

চিআৰৰ মুখ্য জনসম্পৰ্ক বিষয়া শিৱাজী সুতাৰে কয় যে শ্লিপিং পডৰ বিকাশ আৰু পৰিচালনাৰ দায়িত্ব নমহ এণ্টাৰপ্ৰাইজেছক প্ৰদান কৰা হৈছে।

সংস্থাটোৱে ৰে’লৱেক বছৰি ১০,০৭,৭৮৬ টকাৰ অনুজ্ঞা পত্ৰ মাচুল প্ৰদান কৰিব।ৰে’লৱেই এনে হোটেলৰ পৰা ৫৫.৬৮ লাখ টকাৰ ৰাজহ উপাৰ্জন কৰিব বুলিও সুতাৰে কয়।

Related News