নগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ চৰাঞ্চলৰ পথাৰত উৎপাদিত হয় বৃহৎ পৰিমাণৰ খাদ্য শস্য। এই খাদ্য-শস্যসমূহ অসমৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। কিন্তু এই খাদ্য শস্যসমূহ উৎপাদন কৰোতে ব্যৱহাৰ কৰা আৰু বজাৰত বিক্ৰী কৰিবৰ বাবে ব্যৱহাৰ কৰা ঔষধিযুক্ত সামগ্ৰীৰ বিষয়ে জানিলে সকলোৰে চকু কঁপালত উঠিব।
উল্লেখ্য যে, কৃষকসকলে পথাৰত উৎপাদিত সামগ্ৰী বৃদ্ধি কৰিবৰ বাবে মানুহৰ শৰীৰৰ বাবে অনুপযোগী দ্ৰব্য ব্যৱহাৰ কৰাৰ উপৰি বজাৰত উপলব্ধ কৰোৱাৰ সময়তো খাদ্য-শস্যখিনি সজীৱ কৰি ৰাখিবলৈয়ো অন্য এক মানুহৰ শৰীৰৰ বাবে অনুপযোগী দ্ৰব্য ব্যৱহাৰ কৰে।
অতিশয় গুৰুত্বপূৰ্ণ বিষয় যে, কেঁচা বিলাহীৰ ওপৰত প্ৰয়োগ কৰে কাৰ্বাইড জাতীয় বিষাক্ত ঔষধ। এই কেচা বিলাহী পকী উঠে মাত্র কেইটামান ঘন্টাৰ ভিতৰতে। আৰু সেই বিলাহী বজাৰলৈ আহে আৰু সকলোৱে বেগ ভৰাই ঘৰলৈ লৈ আহে। বৰবিহ সদৃশ বিলাহী মাথোঁ এটা উদাহৰণহে। ইয়াৰ উপৰি বেঙেনা, ফুলকবি, বন্ধাকবি, গাজৰ, জলকীয়া আদি খাদ্য-শস্যত বিভিন্ন ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা হয়। যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে আৱৰি ধৰিছে।
উল্লেখ্য যে, একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ বাবে খাদ্যৰ নামত ভেজাল ঔষধ মিহলাই মানুহক খুৱাইছে বৰবিহ। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰত ব্যৱসায়ীয়ে মুকলিভাৱে বিক্ৰী কৰে লোকেল হাঁহ আৰু কুকুৰা। লগতে আটাগুৰিৰ লগত ঔষধ মিহলাই চৰাইক বলপূর্বক খাদ্য খুৱায়।
এনে ধৰণৰ ঔষধযুক্ত খাদ্য খুৱাই দিয়াৰ পিছত হাঁহ অথবা একোটা লোকেল কুকুৰাৰ ওজন ৫০০( পাঁচশ) গ্ৰাম পৰ্যন্ত বৃদ্ধি হয় আৰু সেয়া সৰ্বসাধাৰণ ৰাইজক বিক্ৰী কৰি অধিক মুনাফা আদায় কৰি আহিছে। আনহাতে, এই খাদ্য ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে। সেয়ে, হাঁহ-কুকুৰা মাংস খোৱাৰ আগতে প্ৰতিজন লোক সাৱধান হোৱাতো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে।
তদুপৰি, প্ৰতিজন লোকে বজাৰত উপলব্ধ হোৱা শাক-পাচলি কিমান স্বাস্থ্যসন্মত সেয়াও ভালকৈ জানিব লগীয়া বিষয় হিচাপে পৰিগণিত হৈছে। অন্যথা প্ৰতিটো পৰিয়ালে নিজৰ ঘৰখনৰ জোখাৰে নিজেই প্ৰয়োজনীয় শাক-পাচলি উৎপাদন কৰিব লাগিব। আনহাতে, এই ভয়াবহ কাৰ্য পোহৰলৈ অহাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।