আমৰলি পৰুৱাৰ সন্ত্ৰাসত ভীতিগ্ৰস্ত গাঁওবাসী: বাধ্য হৈছে ঘৰ এৰি পলাবলৈ

fire ants invade Odisha village

যিফালেই চোৱা যায় কেৱল পৰুৱা আৰু পৰুৱা। মুকলি ঠাইৰ পৰা ঘৰৰ বৈদ্যুতিক চুইছ ব’ৰ্ডলৈকে জাক জাক আমৰলিৰ বাহ। আমৰলি পৰুৱাৰ এই উপদ্ৰৱত ত্ৰাহি মধুসূদন দেখিছে স্থানীয় ৰাইজে। কেইবাটাও পৰিয়াল বাধ্য হৈছে নিজৰ ঘৰ এৰিবলৈও। আমৰলি পৰুৱাৰ এই তাণ্ডৱে এতিয়া বাতৰিৰ শিৰোনামো দখল কৰিছে।

এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ পুৰী জিলাৰ পিপলি খণ্ডৰ ব্ৰহ্মাঞ্চাহী গাঁৱত। গাওঁখনত শেহতীয়াকৈ ৰঙা আমৰলি পৰুৱাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। গাওঁখনৰ ঘৰৰ পৰা দেৱাল, গছ, ৰাস্তা আৰু মুকলি ঠাইলৈ, সকলোতে এতিয়া দেখা যায় জাকে জাকে আমৰলি।

এই সন্ত্ৰাসত উপায়হীন হৈ পৰা গাওঁবাসীয়ে এতিয়া পলিথিন মেৰিয়াই ভৰি ঢাকি ৰাখিব লগা অৱস্থাৰো সৃষ্টি হৈছে। গাওঁখনত বাস কৰা মুঠ ২৬ টা পৰিয়ালৰ ভিতৰত কেইটামান পৰিয়ালে আনকি এই উপদ্ৰৱত তিষ্ঠিব নোৱাৰি নিজৰ ঘৰ এৰি চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই খবৰ বিয়পি পৰাৰ পিছতে গাঁওখনলৈ ঢাপলি মেলিছে বিশেষজ্ঞৰ দল। উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ (অ’ইউএটি) স্থানীয় খণ্ড উন্নয়ন বিষয়া (বিডিঅ’) আৰু কীট নিয়ন্ত্ৰকৰ এটা দল গাওঁখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

দলটোৱে ইতিমধ্যে বহু ঠাইৰ পৰা আমৰলিৰ বাহ নিৰ্মূল কৰাৰ লগতে অধিক ঠাইলৈ বিস্তাৰ নিয়ন্ত্ৰণ ৰখাৰ প্ৰচেষ্টা চলাইছে। আনহাতে উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ দলটোৱে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে আমৰলিৰ নমুনা।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এগৰাকী বিষয়াই কয় যে বিজ্ঞানীৰ এটা দলে অধ্যয়নৰ বাবে গাওঁখন ভ্ৰমণ কৰিছে আৰু পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই গাওঁখনত পৰুৱাবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি জানিব পাৰিছে।

বিশেষজ্ঞৰ দলটোৱে গাওঁবাসীক তেওঁলোকৰ চাৰিওফাল পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে কীটনাশক ব্যৱহাৰৰ পৰামৰ্শ দিছে বুলি তেওঁ লগতে কয়।