NORTHEAST NOW (Assamese)

আলোচনা পন্থী আলফা নেতা জিতেন দত্তৰ ফেইচবুক পোষ্টৰ পাছতে উল্লেখিত স্থানত উপস্থিত আৰক্ষী-প্ৰশাসন

June 23, 2019 7:27 pm · মানস প্ৰতিম গগৈ
ফেইচবুক জিতেন দত্তৰ পোষ্টটো আৰু ঘটনাস্থলীত আৰক্ষী

তিনিচুকীয়া জিলাৰ  মোলাং গাঁৱৰ কাষৰ দিহিং নদীৰ চাপৰিত  পুনৰ সন্দেহযুক্ত লোকে গাওঁ স্থাপন কৰা আৰু প্ৰশাসনে অতি শীঘ্ৰে  এই ঘৰসমূহ উচ্ছেদ নকৰিলে  নিজা ববীয়া পদক্ষেপ লবলৈ বাধ্য হ’ম বুলি আলোচনা পন্থী আলফা নেতা জিতেন দত্তই সকীয়নি প্ৰদান কৰি ফেইচবুকত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিনিচুকীয়াৰ লিডুত।

কেইগৰাকীমান নিবনুৱা যুৱকে লীজত লৈ কৃষি কৰ্ম আৰম্ভ কৰা প্ৰায় ৪০ বিঘা  মাটিত সন্দেহযুক্ত লোকে ঘৰ সাজি বসবাস কৰা বুলি উল্লেখ কৰি তেওঁলোকক প্ৰশসানে উচ্ছেদ নকৰিলে নিজে পদক্ষেপ ল’ম বুলি দত্তই নিজৰ ফেইচবুকত একাউণ্টৰ জড়িয়তে পোষ্ট কৰিছিল।

আজি মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহ চক্ৰ বিষয়া ৰাকেশ চেত্ৰী, দণ্ডাধীশ ঝৰ্ণা পাটগিৰিয়ে দত্তই উল্লেখ কৰা স্থানত আৰক্ষী বাহিনীৰ এটা বৃহৎ দলৰে সৈতে উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

তদন্তত প্ৰশাসনিক দলটোৱে ৪০ বিঘা ম্যাদী পট্টা মাটি বুলি স্পষ্ট হোৱাৰ লগতে খেতি কৰিবলৈ ৰখা পৰিয়াল দুটা  নগাওঁ আৰু বাক্সাৰ  ভাৰতীয় নাগৰিক বুলি নিশ্চিত হয়৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা আত্মসহায়ক গোট গঠন কৰি উক্ত ভূমিত খেতি কৰি বহু সংখ্যক নিবনুৱাক সংস্থাপিত কৰা দুই যুৱক হৰি বাহাদুৰ চেত্ৰী আৰু বিকাশ বৰুৱাই ইতিমধ্যে ট্ৰেক্টৰকে ধৰি চৰকাৰী বিভিন্ন সা-সুবিধা লাভ কৰিছে৷

সহজলভ্য ধন ঘটাৰ প্ৰতি আকৃষ্ট একাংশ নতুন প্ৰজন্মক আদৰ্শৰ বাট দেখুওৱা দুই যুৱকে ইতিমধ্যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দ্বাৰা আদৰ্শ কৃষক হিচাপে ৰাজহুৱা ভাৱে সম্বৰ্দ্ধিত হৈছে৷

উল্লেখযোগ্য যে, পূৰ্বেও লিডুৰ মোলাং গাৱঁৰ দিহিঙৰ চাপৰিত  আলোচনাপন্থী আলফা নেতা জিতেন দত্তই প্ৰথমে সন্দেহযুক্ত লোক আৰু পাছত বনভূমিত বসবাস কৰি অহা বুলি কৈ একাংশ পৰিয়ালক প্ৰশাসনৰ জৰিয়তে  উচ্ছেদ কৰাইছিল৷ বৰ্তমান উক্ত কেইবাশ বিঘা ভূমিত দত্ত আৰু তেওঁৰ সহযোগী সকলে লগহৈ কৃষি ফাৰ্ম স্থাপন কৰি কৃষি শস্য উৎপাদন কৰি আহিছে।

Related News