NORTHEAST NOW (Assamese)

অসম-মণিপুৰ সীমান্তত সেনা-আৰক্ষীৰ অভিযানত বিদ্ৰোহী সংগঠনৰ কেম্প উৎখাত

November 17, 2019 5:22 pm · এন ই নাও নিউজ
Updated: November 17, 2019 6:15 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসম আৰক্ষী আৰু অসম ৰাইফলছৰ এটা অভিযানকাৰী দলে শনিবাৰে নিশা কাছাৰৰ অসম-মণিপুৰ সীমান্তৰ ঘন জংঘলত অভিযান চলাই নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আৰ) আৰু জেলিয়াংলং য়ুনাইটেডৰ এটা কেম্প উৎখাত কৰে।

অভিযান কালত অভিযানকাৰী সেনা আৰু আৰক্ষীৰ দলটোৱে লেফটেনেণ্ট পৌগংলং আৰু কেপ্টেইন ছাগু ৰংমেই নামৰ দুজন দুৰ্ধৰ্ষ বিদ্ৰোহী সদস্যকো আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, অভিযানকাৰী দলটোৱে বিদ্ৰোহী উগ্ৰবাদী সহস্য দুজনৰ লগতে এটা এ কে-৫৬ ৰাইফল আৰু বহু পৰিমাণৰ সজীৱ গুলিও উদ্ধাৰ কৰে।

শনিবাৰে নিশা চোৰাংচোৱা বাহিনীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই সফলতা লাভ কৰে।

দীৰ্ঘদিনৰ পৰা অসম-মণিপুৰ সীমান্তত নাগা বিদ্ৰোহী সংগঠন সমূহৰ দপদপনি অব্যাহত আছে।

আৰক্ষীয়ে অসম-মণিপুৰ সীমান্তৰ হাবিত আৰু অধিক এনেধৰণৰ বিদ্ৰোহী সংগঠনৰ কেম্প আছে বুলি মন্তব্য কৰি  এনেধৰণৰ কেম্প সমূহ ধ্বংস কৰাৰ বাবে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।

Related News