কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয় আক্ৰমণ, এবিভিপিৰ সদস্যকে ধৰি আটক হ’ল ১৪ জন লোক

শুকুৰবাৰে ৰাজস্থানৰ আলোৱাৰ জিলাৰ টাটাৰপুৰ গাঁৱত ভাৰতীয় কিষাণ ইউনিয়নৰ কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগত চৈধজন লোকক ৰাজস্থান আৰক্ষীয়ে আটক কৰিছে।

অভিযুক্তকেইজনৰ ভিতৰত অন্যতম হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন ছাত্ৰনেতা কুলদ্বীপ যাদৱ।

আক্ৰমণ কৰাৰ সময়ত কৃষক নেতাজন জিলাখনৰ হাৰছৰা গাঁৱৰ পৰা বানছুৰ গাঁৱলৈ এখন জনসভা সম্বোধন কৰিবলৈ গৈ আছিল।

প্ৰথমখন এজাহাৰৰ মতে, যাত্ৰাৰত অৱস্থাতে ৩৩জন লোকে কৃষক নেতাজনৰ কনভয়খন ৰখায়।

এজাহাৰৰ মতে, কৃষক নেতাজনৰ কনভয়খন ৰোৱাৰ পাছত তেওঁলোকে গাড়ীৰ গ্লাছ ভাঙে আৰু ভিতৰলৈ ক’লা চিঞাহী মাৰিব ধৰে।

শুকুৰবাৰে ৰাতি এই সম্পৰ্কত এটা গোচৰ ৰুজু হয়।

শনিবাৰে, কৃষক নেতাজনে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ যুৱ বাহিনী এই আক্ৰমণৰ বাবে জগৰীয়া।

তেওঁ দাবী কৰিছে যে তেওঁলৈ শিলগুটি নিক্ষেপ কৰাৰ উপৰিও লাঠিচালনাৰ ভয় দেখুৱাই চিঞৰিছিল- ”ৰাকেশ টিকাইট গ’ বেক”।

”তেওঁলোকে কিয় আমাৰ স’তে সংঘৰ্ষত লিপ্ত হৈছে? আমি কৃষক, ৰাজনৈতিক দল নহয়।”- কৃষক নেতাজনে এইদৰে কয়।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে টুইটাৰযোগে ঘটনাটোক গৰিহণা জনাইছে।

মখ্যমন্ত্ৰীজনে কয় যে দুৰ্বৃত্তকেইজনৰ ওপৰত যথোপযুক্ত ব্যৱস্থা লোৱা হ’ব।

তেওঁ কয় যে কৃষক আন্দোলনটোক বিজেপিয়ে যিধৰণে প্ৰতিহত কৰিব বিচাৰিছে, সেয়া আৰম্ভণিৰে পৰা লজ্জাজনক।

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে যে আক্ৰমণৰ ঘটনাটোৰ স’তে বিজেপি জড়িত নহয়।

কৃষক নেতাজনক আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে প্ৰতিবাদী কৃষকসকলে দিল্লী-উত্তৰ প্ৰদেশসংযোগী ঘাজীপুৰ বৰ্ডাৰ আৱদ্ধ কৰে।

উল্লেখযোগ্য যে যোৱা চাৰি মাহ ধৰি ৰাকেশ টিকাইটৰ নেতৃত্বত কেন্দ্ৰৰ তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষক আন্দোলন চলি আছে।