NORTHEAST NOW (Assamese)

বাকচু খেলুৱা গাঁৱত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা; দোষীক আটক চেৰেকাপাৰ আৰক্ষীৰ

July 17, 2021 11:08 am · পার্শ্বজোতি গগৈ
Updated: July 17, 2021 11:09 am
আৰক্ষীয়ে আটক কৰা হৰেন গগৈ নামৰ লোকজন। ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ জিলাৰ বাকচু খেলুৱা গাঁৱত সংঘটিত হৈছে এক কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা।

হৰেন গগৈ ওৰফে দৌ দোকানী নামৰ এজন দোকানীৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী নিৰ্যাননৰ জঘন্য ঘটনা।

মৰ্টন দিয়াৰ চলেৰে দোকানৰ ভিতৰত শৰীৰৰ গোপন অংগত হাত দিয়াৰ অভিযোগ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ।

আনহাতে, দুজনী নিজ কন্যা সন্তান থকাৰ পাছতো কিদৰে এই পিতৃৰূপী লম্পটটোৱে জঘন্য কাণ্ড কৰিব পাৰিলে তাকে লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে হৰেন গগৈৰ বিৰুদ্ধে চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

চেৰেকাপাৰ আৰক্ষীয়ে নিশা দোষীক আটক কৰি শিৱসাগৰৰ সদৰ থানালৈ প্ৰেৰণ কৰিছে।

Related News