• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰ-সৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ ডিমাছা ছাত্ৰ সন্থাৰ

চৰকাৰে পথ নিৰ্মাণৰ বাবে কোটি কোটি টকা আৱন্টন দিয়াৰ পাছতো পথৰ অৱস্থা উন্নত হোৱাৰ বিপৰীতে চৰম অৱনতি হোৱাৰ অভিযোগ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 17, 2021 10:30 am
Dima hasao Road construction scam

জাতিঙ্গা-হাৰাঙ্গাজাও পথৰ অবস্থা (বাঁওফালে) আৰু ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰি’ডৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিঙ্গা- হাৰাঙ্গাজাও ২৫ কিলোমিটাৰ আৰু জাটিঙ্গা-নেৰিমবাংলো ২৪ কিলোমিটাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কামৰ গুণগত মান অতিকৈ নিম্নমানৰ হোৱাৰ অভিযোগ উঠিছে।

জাতিঙ্গাৰ নিউ লেইকুল গাঁওৰ ওচৰত যোৱা ৮ জুন তাৰিখে ভূমিস্খলন হোৱা স্থানত এতিয়ালৈকে পুনৰ্নিমাণত সক্ষম হোৱা নাই ঠিকাদাৰী সন্থা ৰত্না ইনফ্ৰা।

Apply Now

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষয়ো আজিকোপতি কোনো ব্যবস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

এনে পৰিস্থিতিত পথৰ নিৰ্মাণ তথা মেৰামতিৰ দায়িত্বত থকা ৰত্না ইনফ্ৰাৰ লগতে ছাব কনট্ৰ্যাক্টৰ হিচাপে কাম কৰা লক্ষ্মী মটৰ্ছৰ কামৰ ঠিকা বাতিলৰ দাবি তুলিছে ডিমাছা ছাত্ৰ সন্থাই।

শুকুৰবাৰে হাফলঙত সংবাদ মেল পাতি এই দাবী জনায় ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইনে।

দৰাচলতে যোৱা এক দশকৰো অধিক কালৰ পাছতো পাৰ্বত্য জিলাৰ মাইবাঙৰ নেৰিমবাংলোৰ পৰা জাতিঙ্গা আৰু জাতিঙ্গা-হাৰাঙ্গাজাওৰ ৪৯ কিলোমিটাৰ পথ নিৰ্মাণ হৈ উঠা নাই।

চৰকাৰে এই পথৰ কাৰণে কোটি কোটি টকা আৱন্টন দিছে যদিও পথৰ অবস্থা উন্নত হোৱাৰ বিপৰীতে চৰম অৱনতিহে হৈছে। তেনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে ডিমাছা ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে জাতিঙ্গা- হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ ২০১০ চনৰ পৰা লুকাভাকু খেলাত লিপ্ত হৈছে এনএইচএআই (NHAI)। মাথোঁ ২৫ কিলোমিটাৰ পথ নতুনকৈ নিৰ্মাণ কৰাৰ উপৰি বৰ্তমান পথটো যানবাহন চলাচলৰ কাৰণে সূচল কৰি ৰখাত সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে NHAI।

বৰ্তমানে এই পথটো নিৰ্মাণৰ দায়িত্বত আছে ৰত্না ইনফ্ৰা নামৰ এটা ঠিকাদাৰী সংস্থা। ৰত্নাই আকৌ কামৰ দায়িত্ব চমজি দিছে শিলচৰৰ লক্ষ্মী মটৰ্ছক। কিন্তু লক্ষ্মী মট’ৰ্ছে যোৱা এবছৰে ১০-১২ কিলোমিটাৰ পথ ভালদৰে নিৰ্মাণ কৰিব পৰা নাই।

জাতিঙ্গা পইন্টৰ পৰা ৰেটজল হৈ মিয়ংক্ৰ’ লৈ ১০ৰ ১২ কিলোমিটাৰ পথ অলপ নিৰ্মাণ হৈছে যদিও নিৰ্মাণৰ কামৰ গুণগত মান অতিকৈ নিম্নমানৰ। NHAIৰ গাইড লাইন ভঙ্গ কৰি পথ নিৰ্মাণ কৰি থকাও পৰিলক্ষিত হৈছে।

অকল জাতিঙ্গা-হাৰাঙ্গাজাওয়ে নহয়, জাতিঙ্গা-নেৰিমবাংলো পথৰ অবস্থাও অত্যন্ত বেয়া। যোৱা এমাহ আগতে অলপ বৰষুণৰ ফলতে জাতিঙ্গাৰ ওচৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰত ভূমিস্খলন হৈ পুখুৰীৰ নিচিনা গাঁতৰ সৃষ্টি হৈছে।

কিন্তু এইক্ষেত্ৰত ঠিকাদাৰী সন্থা লক্ষ্মী মট’ৰ্ছে কোনো ব্যবস্থা নোলোৱাৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষও নিমাত। বৰ্তমান অৱস্থাৰ উন্নয়নৰ উপৰি দুৰ্নীতিৰ অভিযোগ থকা ঠিকাদাৰী সংস্থা ৰত্না ইনফ্ৰাৰ ঠিকা বাতিলৰ দাবী জনায় ডিমাছা ছাত্ৰ সন্থাই।

ইয়াৰ অন্যথা ডিমাছা ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলনৰ বাবে বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত থকা হাফলং পিয়াইউৰ (PIU) প্ৰজেক্ট ডিৰেক্টৰ কাৰ্গে কামকিৰ বদলি সন্দৰ্ভত ছাত্ৰ সন্থাইসন্তোষ প্ৰকাশ কৰে যদিও কিন্তু কামকিৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজনীয়তা আছিল বুলি মত পোষণ কৰে। কিয়নো কাৰ্গে কামকিৰ কাৰ্যকালতে পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd