NORTHEAST NOW (Assamese)

কা বিৰোধীৰ ওপৰত কঠোৰ আৰক্ষী প্ৰশাসন; প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বেই আটক প্ৰতিবাদকাৰীক

February 29, 2020 4:46 pm · কল্পজ্যোতি শইকীয়া
Updated: February 29, 2020 4:58 pm
কা বিৰোধী প্ৰতিবাদকাৰীক চান্দমাৰীত আৰক্ষীয়ে আটক কৰা মুহূৰ্তত। ফটো: নৰ্থইষ্ট নাও

চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেল পথাৰৰ সন্মুখৰ পৰা SFI আৰু CITU ৰ উদ্যোগত শনিবাৰে আইন অমান্য আন্দোলন কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে SFI ৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, সংগীতা দাসকে ধৰি অৰ্ধশতাধিক ছাত্ৰ প্ৰতিবাদকাৰীক।

“আমি অতি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ আৰম্ভ কৰিছিলো। কিন্তু আৰক্ষীয়ে আমাক প্ৰতিবাদ কৰিব নিদিলে। মূলতঃ কা বাতিল হ’ব লাগিব, অখিল গগৈৰ লগতে অন্য আন্দোলনকাৰীসকলক ভুৱা গোচৰ জাপি দি কাৰাগাৰত ৰাখিছে। তেওঁলোকক বিনা চৰ্তে মুকলি কৰি দিব লাগে,”-আটক হোৱাৰ সময়ত এইদৰে কয় SFI ৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী।

চান্দমাৰীত SFI আৰু CITU ৰ উদ্যোগত কা ৰ বিৰুদ্ধে প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

মূলতঃ কা বাতিল কৰা, অখিল গগৈ সহ অন্য আন্দোলনকাৰী সকলক মুক্তি দিয়া, LICকে ধৰি অন্যান্য প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰোধিতাৰে এই আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল সংগঠন দুটাই। কিন্তু প্ৰতিবাদৰ আৰম্ভণিতে আৰক্ষীয়ে বৰ্বৰভাৱে টানি চুচৰাই আটক কৰি লৈ যায় প্ৰতিবাদকাৰীক।

“চৰকাৰে আমাৰ ওপৰত আৰক্ষীৰ দ্বাৰা দমন নীতি চলাইছে। আমাক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ দিয়া নহ’ল। কা বাতিল নোহোৱা পৰ্য্যন্ত এই আন্দোলন চলি যাব। অতি সোনকালে কা ৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে,”-ৰাজ্যিক সাংগঠনিক সংগীতা দাসে এইদৰে কয়।

প্ৰতিবাদকাৰীসকলক আটক কৰি কাহিলিপাৰা 4th APBN ৰ কাৰ্যালয়লৈ নিয়া হয়।

Related News