• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষুব্ধ স্কুলীয়া ছাত্ৰৰ সহযোগত আটছাৰ প্ৰতিবাদ; ডাম্পাৰে বিধ্বস্ত কৰিছে উদমাৰিৰ মূল পথ

নিতৌ মাত্ৰাধিক শিল কঢ়িয়াই নিয়া শতাধিক ডাম্পাৰে বিধ্বস্ত প্ৰায় কৰিছে চামগুৰিৰ কঠালগুৰি-শালনাৰ মূল পথ

NE NOW NEWS ভাৰ্গব হাজৰিকা
চামগুৰি , February 29, 2020 4:58 pm

2 min read

VideoCapture_20200229-154305

ডাম্পাৰে বিধ্বস্ত কৰা পথটো, ফ'টো- ভাৰ্গৱ হাজৰিকা

9.1k
VIEWS
Share on FacebookShare on Twitter

শিল ভৰ্তি ডাম্পাৰৰ অবাধ চলাচলে বিধ্বস্ত কৰিছে চামগুৰিৰ উদমাৰি অঞ্চলৰ মূল পথ।

ক্ষুব্ধ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত আটছাৰ নেতা কৰ্মীয়ে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী।

শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত নগাঁও জিলাৰ চামগুৰিত শনিবাৰে বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অবাধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বিভিন্ন শিলৰ কোৱাৰি আৰু ক্ৰেচাৰ মিচিনৰ পৰা শিল সৰবৰাহ কৰা ডাম্পাৰৰ বাবে চামগুৰিৰ উদমাৰিৰ বৃহত্তৰ অঞ্চলটোৰ মূল পথ সমূহৰ দুৰৱস্থা হোৱাক কেন্দ্ৰ কৰি আটছাই এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে।

নিতৌ মাত্ৰাধিক শিল কঢ়িয়াই নিয়া শতাধিক ডাম্পাৰে কঠালগুৰি-শালনা পথটি বিধ্বস্ত প্ৰায় অৱস্থা কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদ থলীত।

সুদীৰ্ঘ বিধ্বস্ত পথ চোৱাৰ বাবে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অসুস্থ লোক তথা সাধাৰণ পথচাৰীসকলে নিতৌ যমৰ-যাতনা ভোগ কৰিবলৈ বাধ্য হোৱাক কেন্দ্ৰ কৰি চুড়ান্ত ক্ষোভ উজাৰিলে আটছাৰ নেতৃত্ববৰ্গই।

পথ চোৱাৰ উপযুক্ত মেৰামতি কৰা তথা পথ চোৱাৰে নিতৌ অবাধ হাৰত চলাচল কৰা ডাম্পাৰ সমূহক নিয়ন্ত্ৰণ কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষ তথা প্ৰশাসনৰ ওপৰত বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত আটছাৰ চামগুৰি উপ-শাখাৰ নেতা কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব দিয়ে সংবাদ মাধ্যমক।

ইফালে শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰাৰ লগতে ডাম্পাৰৰ অবাধ গমণ ৰোধ কৰিবলৈ প্ৰশাসনৰ ওপৰত দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে।

অন্যথা আনাগত সময়ত কেতবোৰ বিষয়ক কেন্দ্ৰ কৰি চামগুৰিত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিলে আটছাৰ নেতৃত্ববৰ্গই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd