অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ

প্রতিনিধিত্বমূলক ফটো।

অবৈধভাৱে বসবাস কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ পৰা ১০ গৰাকী মহিলাসহ ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁলোকক শনিবাৰে থানে জিলাৰ পৰা স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰশাসনে জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে যোৱা ১ মাৰ্চত তেওঁলোকক এক অভিযানত আটক কৰা হৈছিল।

ৰাবালে আৰক্ষী থানাই জনায় যে নৱী মুম্বাইৰ ঘানছলি অঞ্চলত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছুমান বাংলাদেশী সমবেত হোৱাৰ তথ্য পোৱাৰ পিছত তেওঁলোকক ঘটনাস্থলীৰ পৰা আটক কৰা হৈছিল।

লগতে পঢ়ক: ভুৱা বাতৰিৰ বলি হৈছে প্ৰকৃত সত্য; ন্যায়াধীশসকলকো কৰা হৈছে ট্ৰ’ল: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু আঠজন পুৰুষ আছে। আৰক্ষীৰ মতে, তেওঁলোকে কোনো অনুমোদিত ভিছা আৰু পাছপোৰ্ট অবিহনে প্ৰায় এবছৰ ধৰি অঞ্চলটোত বসবাস কৰি আছে।

আৰক্ষীয়ে এই সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।