থলুৱাক উচ্ছেদ কৰি পুঁজিপতিক ভূমি হস্তান্তৰৰ ষড়যন্ত্ৰ; মহিলাৰ ওপৰত জপিয়াই পৰিল আৰক্ষী

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গাঁৱত পুনৰ আজি থলুৱা লোকৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ যোগ্য যে, মিকিৰ বামুণী গ্ৰান্টৰ কৃষক সকলৰ কৃষি ভূমি আৰ্জু কোম্পানীক পাৱাৰ প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ নিৰ্দেশনাত নগাঁও জিলা প্ৰশাসনে ভূমি আবন্তন দিয়াক কেন্দ্ৰ কৰি আজি কিছু দিনৰ পৰা অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

আজি পুৱাৰ ভাগত পুৰণিগুদাম পাৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দলে অতৰ্কিতে ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলৰ জেওৰা ভাঙিবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ এনে কাৰ্যত মিকিৰ বামুণী গ্ৰান্টৰ মহিলা সকলে প্ৰতিবাদ কৰাত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে মহিলা সকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলায়।

গোৰ, লাঠি আদিৰে মহিলাক আক্ৰমণ কৰাত প্ৰায় ১৬ গৰাকী মহিলা আহত হয়। তদুপৰি পথেৰে গৈ থকা বুকু মাৰ্ডি নামৰ এজন কৃষকক গুৰুলা গুৰুলকৈ পিতি আহত কৰি লৈ যায়।

এনেদৰে মহিলা কৃষকক আৰক্ষীয়ে নিৰ্যাতন চলোৱাত বিভিন্ন মহলে গৰিহণা দিছে। নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দি এই ঘটনাৰ লগত জড়িত আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

ইয়াৰ পূৰ্বেও আৰক্ষী প্ৰশাসনে কেইবাবাৰো অঞ্চলটোৰ কৃষক সকলক নিৰ্যাতন চলোৱাৰ লগতে ১৪ জনকৈ কৃষকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ কৃষকক ১৯৭৯-৮০ চনত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা দিয়া খতিয়ানৰ নথি আছে। কোনো ধৰণৰ ক্ষতি পূৰণ নিদিয়াকৈ কাঢ়ি নিয়া হৈছে কৃষকৰ মাটি।

আৰ্জু নামৰ চ’লাৰ পাৱাৰ কোম্পানীক এই মাটি গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে। কোম্পানীক মাটি গতাই দিবৰ বাবে আজি ১০ বছৰ ধৰি খেতি কৰা হোৱা নাই বুলি চৰকাৰে ভুৱা নথি-পত্ৰ  দিছে।

ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলে যুগ যুগ ধৰি এই ভূমিত খেতি কৰি আহিছে। জাতি-মাটি- ভেটি শ্ল’গানেৰে ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত এতিয়া থলুৱা কৃষকক উচ্ছেদ কৰি পুঁজিপতিক মাটি গতাব বিচৰা কাৰ্যক সকলোৱে ধিক্কাৰ দিছে।