Police Caught in CCTV Camera বেজৰ নাকত খৰ! মহানগৰীত চোৰৰূপী আৰক্ষীয়ে কাৰ্যালয়ত চলালে চাফাই অভিযান

WhatsApp Image 2021-11-18 at 7.21.18 PM

Police caught in CCTV camera আৰক্ষীয়ে চোৰ ধৰে! ওহোঁ নধৰে! সংলগ্ন কৰা ভিডিওত দৃশ্য দেখিলেই সকলো স্পষ্ট হৈ পৰিব। মহানগৰীত ওলাইছে চোৰ ৰূপী আৰক্ষী!

চোৰৰ দেহত দেহত খাকী পোছাক; মূৰত আৰক্ষীৰ টুপী, কৰ্ম পিছে চুৰি কাৰ্য্য।

চি চি টিভি কেমেৰাত ধৰা পৰা আৰক্ষীৰ পোছাক পৰিহিত এইজন চোৰে প্ৰথমে হাতত সাৰে ভৰিত সাৰে প্ৰৱেশ কৰিছে এই কাৰ্যালয়ত। তাৰ পাছতে ইফালে সিফালে চাইছে,,, কিজানিবা কোনোবাই দেখা পায়,,, পিছে নাই কোনো নাই,,, সেয়ে বেগ লৈ উধাও হ’ল এইটো চোৰৰূপী আৰক্ষী পোছাকধাৰী। পিছে বপুৰাই গমেই নাপালে ওপৰত এটা চি চি কেমেৰা লাগি আছে।

ঘটনাৰ স্থান গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি। মহানগৰীৰ বশিষ্ঠ বি এইচ ৰোডৱেজ কৰ্পোৰেচনৰ কার্যালয়ত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি আৰক্ষীৰ পোছাকধাৰী এইজন লোকে লৈ গ’ল এটা বেগ। যি বেগত আছিল নগদ ধন সহ মূল্যবান নথি পত্ৰ।

Also Read: APCC Files Case Against Kangana পদ্মশ্ৰী কংগনা ৰানাৱটৰ বিৰুদ্ধে অসমত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে

ইতিমধ্যে ভুক্তভোগী শান্তনু চক্ৰৱৰ্তীয়ে চি চি ভিজুৱেল সহ বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে যদিও মহানগৰ আৰক্ষীয়ে শুংসূত্ৰই উলিয়াব পৰা নাই খাকী পোছাকধাৰী চোৰ জনৰ।

এইদৰে এতিয়া আইনৰ ৰক্ষকৰূপী আৰক্ষীৰ খাকী পোছাক ধাৰী চোৰে সৃষ্টি কৰিছে চাঞ্চল্য। এনেই নকয় নহয়,,, চোৰকে মোৰে পায় বেজৰ নাকত খৰে খায়। খাকী পোছাকধাৰীৰ এই কাণ্ডই যেন বেজৰূপী আৰক্ষীৰ নাকত ধৰি চাকত ঘূৰোৱা অৱস্থা কৰিলে।