দৰঙত এডিচিৰ পৰিচয় দি ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা মহিলাক আটক আৰক্ষীৰ!
দৰং জিলাৰ দলগাঁৱত অতিৰিক্ত জিলা (উপ) আয়ুক্তৰ পৰিচয় দিয়াৰ অভিযোগত যোৱা নিশা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়।
স্থানীয় লোকৰ মতে, এল দাস (সম্পূৰ্ণ নাম গোপনে ৰখা হৈছে) নামৰ অভিযুক্ত মহিলাগৰাকীয়ে এক ভূমি বিবাদ “নিষ্পত্তি” কৰিবলৈ মুজিবুৰ ৰহমানৰ বাসগৃহলৈ গৈছিল।
মুজিবুৰ ৰহমান আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ মতে মহিলাগৰাকীয়ে নিজকে এডিচি বুলি পৰিচয় দিছিল।
লগতে পঢ়ক: গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী
অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি কেমেৰাৰ সন্মুখতে মহিলাগৰাকীয়ে মুজিবুৰ ৰহমানক ভাবুকি দি তেওঁ এডিচি বুলি পৰিচয় দিয়াটো প্ৰমাণ কৰিবলৈ দাবী জনায়।
পিছত জানিব পৰা মতে, মহিলাগৰাকী এটা মাটিৰ দালাল গোটৰ অংশ আছিল।
মুজিবুৰে দাবী কৰে যে তেওঁৰ আৰু আন এজন ব্যক্তিৰ মাজত ভূমি সম্পৰ্কীয় বিবাদ আছে। মহিলাগৰাকীয়ে সেইটো পৰীক্ষা কৰিবলৈ আহিছিল।
তেওঁলোকৰ ঘৰলৈ অহাৰ লগে লগে মহিলাগৰাকীক পৰীক্ষণৰ বাবে সকলো অৰিজিনেল নথি-পত্ৰ দিয়া বুলি মুজিবুৰে দাবী কৰে।
মুজিবুৰে সংবাদ মাধ্যমৰ আগত কয়, “কিন্তু, মহিলাগৰাকীয়ে দাবী কৰিছিল যে নথি-পত্ৰবোৰ ভুৱা”।
লগতে পঢ়ক: মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?
ইয়াতেই তেওঁলোকে সন্দেহ কৰিছিল যে কিবা এটা ভুল হৈছে আৰু লগে লগে তেওঁলোকে আৰক্ষীক ফোন কৰে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু গম পায় যে মহিলাগৰাকী কোনো চৰকাৰী বিষয়া নহয়।
প্ৰাথমিক প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?
এজন স্থানীয় লোকে কয় যে মহিলাগৰাকীয়ে তেওঁ যে এগৰাকী চৰকাৰী কৰ্মচাৰী, সেইটো ৰাইজক পতিয়ন নিয়াবলৈ সেই “ফেন্সি এন্টেনা” থকা স্ক’ৰপিঅ’ এখন লৈ আহিছিল।