NORTHEAST NOW (Assamese)

শ্বহীদক অপমান: গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা, নিয়া হৈছে পাণবজাৰ মহিলা থানালৈ

April 6, 2021 4:27 pm · এন ই নাও নিউজ
Updated: April 6, 2021 8:39 pm

‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়’ বুলি ফেচবুকত পোষ্ট দি দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদক  অপমান কৰা বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্য জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এনে পোষ্টৰ বাবেই অৱশেষত গ্ৰেপ্তাৰ  হ’ল শিখা শৰ্মা। শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ হৈছে  ১২৮১/২১ ।

শিখা শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (ক)/১২৪(ক)/৫০০/৫০৬ আৰু আইটি এক্টৰ ৪৫ ধাৰা আৰোপ কৰা হৈছে।

সম্প্ৰতি দিছপুৰ থানাৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানালৈ নিয়া হৈছে শিখা শৰ্মাক।

বিতৰ্কিত পোষ্টটোকলৈ সোধা-পোছা কৰাৰ বাবে আজি দিছপুৰ আৰক্ষীয়ে বিতৰ্কিত লেখিকাগৰাকীক থানালৈ মাতি পঠিয়াইছিল।

উল্লেখ্য যোৱা নিশাই দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱাই শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

আজি বিয়লি তিনিমান বজাত শিখা শৰ্মাই থানাত হাজিৰ হয়।

দিছপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে  শিখা শৰ্মাক  দীৰ্ঘ সময় ধৰি আৰক্ষীয়ে জেৰা চলায়।

উল্লেখ্য  স্বল্পখ্যাত লেখিকা শিখা শৰ্মাই উদ্ধতালিৰ চৰম সীমা অতিক্ৰম কৰি দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদকো অপমান কৰিবলৈ  এৰা নাছিল।

যিটো সময়ত ছট্টিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ২৪ গৰাকীকৈ চিআৰপিএফৰ কোব্ৰা জোৱানৰ মৃত্যুৱে দেশ তথা ৰাজ্যবাসীক শোক সাগৰত নিমজ্জিত কৰি ৰাখিছে সেই সময়তে শিখা শৰ্মা নামৰ বিতৰ্কিত লেখিকা গৰাকীয়ে শ্বহীদকলৈ ফেচবুকত কৰা এটা পোষ্টে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ছট্টিশগড়ৰ আক্ৰমণত অসমৰ দুগৰাকী সাহসী জোৱান ক্ৰমে বাবলু ৰাভা আৰু দিলীপ কুমাৰ দাসো শ্বহীদ হৈছে।

দুয়োগৰাকী বীৰ শ্বহীদৰ নশ্বৰ দেহ ইতিমধ্যে অসমলৈ আনি সামৰিক মৰ্যাদাৰে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে।

এনে সময়তে লেখিকা শিখা শৰ্মাই ফেচবুকত এইবুলি পোষ্ট দিছে—‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়।তেনেকৈ হ’লে বিদ্যুৎপিষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ। ৰাইজক আৱেগিক নকৰিব সংবাদ মাধ্যম’।

শিখা শৰ্মাৰ এই পোষ্টটোৰ পিছতে এতিয়া নেটিজেন সকলে উভতি ধৰিছে বিতৰ্কিত লেখিকা গৰাকীক।

ফেচবুকত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি নেটিজেনে সকলে তেওঁৰ বিকৃত মানসিকতাক ধিক্কাৰ দিছে আৰু শ্বহীদক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰিছে।

শিখা শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ লগতে তেওঁক গ্ৰেপ্তাৰৰো দাবী জনাইছিল বহুতে।

Related News