NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰি : ২০জন বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ চাৰ্জশ্বিট দাখিল

September 15, 2018 9:40 am · এন ই নাও নিউজ

এপিএছচিৰ গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ২০ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীয়ে বিশেষ আদালতত অভিযোগনামা দাখিল কৰে। আৰক্ষীয়ে এই গোচৰত আদালতত দাখিল কৰা এইখন হৈছে সপ্তমখন অভিযোগনামা।

উল্লেখযোগ্য যে যোৱা ১৮ জুলাইত অসম আৰক্ষীৰ বিশেষ শাখাত জেৰাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে মাতি অনা ১৯ জন এচিএছ-এপিএছ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ মাজত বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা এপিএছ পল্লৱী শৰ্মাও আছিল।

আনহাতে, ইয়াৰ এসপ্তাহৰ ভিতৰতে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ তদন্তকাৰী গোটে ৰাজসাক্ষী হ’বলৈ বিচৰা তথা বক্ৰপথেৰে এপিএছৰ চাকৰি লোৱা কবিতা দাসসহ দুই দালাল ক্ৰমে শৈলেন শৰ্মা বৰুৱা আৰু সুৰজিত বৰুৱাক গুৱাহাটী আৰু মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমান ন্যায়িক জিম্মাত থকা ২২ জন অভিযুক্তৰ গ্ৰেপ্তাৰৰ দুমাহলৈ মাত্ৰ কেইটামান দিনহে বাকী থকা অৱস্থাত শুকুৰবাৰে আৰক্ষীয়ে ২০ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

তদন্তকাৰী বিষয়া পানেচৰে সদৰী কৰা অনুসৰি অধিবক্তা শৈলেন শৰ্মা বৰুৱা আৰু সুৰজিত বৰুৱাৰ বিৰুদ্ধেও অচিৰেই অভিযোগনামা দাখিল কৰা হ’ব।

প্ৰায় অন্তিম পৰ্যায়ত আহি উপনীত হোৱা এপিএছচি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াত  ফৰেনছিক লেব’ৰেটৰীৰ পৰা প্ৰায় সকলো প্ৰতিবেদন বৰ্তমান ঘূৰি আহিছে আৰু ইয়াৰ পৰীক্ষণ চলি আছে।

Related News