NORTHEAST NOW (Assamese)

এ পি এছ চিৰ কেলেংকাৰি : ন্যায়ালয়ক মেনেজ কৰিব খোজা দুজন দালালৰ বিৰুদ্ধে চাৰ্জশ্বীট

September 19, 2018 6:59 am · এন ই নাও নিউজ

১৮ ছেপ্তেম্বৰত এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত কৰি থকা আৰক্ষীয়ে কেলেংকাৰিটোত জড়িত দুজন দালালৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিছে।

দালাল দুজনৰ নাম হ’ল ক্ৰমে, মঙলদৈৰ অধিবক্তা তথা মঙলদৈ জিলা বিজেপিৰ উপ-সভাপতি শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ী তথা ইতিমধ্যে কাৰাৰুদ্ধ হৈ থকা ৰাজপত্ৰিত বিষয়া পল্লৱী শৰ্মা বৰুৱাৰ স্বামী সুৰজিত চৌধুৰী।

উল্লেখযোগ্য যে এওঁলোক দুজনে কেলেংকাৰিটোত দালালৰ ভূমিকা লোৱাৰ লগতে কেলেংকাৰিত অভিযুক্ত একাংশক বচাবলৈ আদালতকো মেনেজ কৰাৰ চেষ্টা কৰিছিল। কিন্তু মূৰকত দুয়ো ধৰা পৰে আৰু গ্ৰেপ্তাৰ হ’ব লগীয়া হয়। বিগত ২৩ জুলাইত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে ১৮ ছেপ্তেম্বৰত এওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ৰাজ্যৰ বিশেষ আদালতত। তদন্তকাৰী আৰক্ষীৰ সূত্ৰই কয় যে দুয়োজন দালালৰ বিৰুদ্ধে যথেষ্ট তথ্য-প্ৰমাণ আছে আৰু সেইবোৰ তেওঁলোকে আদালতত লিখিতভাৱে জনাইছে।

Related News