গঁড় হত্যা যাত্ৰা ভংগ চোৰাং চিকাৰীৰ, মণিপুৰৰ শ্বাৰ্প শ্বুটাৰসহ জালত ৪ ||পুনৰ বিশ্বনাথত

যোৱা ৩০ অক্তোবৰ আৰু ৪ নৱেম্বৰতো বিশ্বনাথ বন সংমণ্ডলত বন্দী হৈছিল কেইবাজনো।

মণিপুৰৰ এজন শ্বাৰ্প শ্বুটাৰসহ ৪ গৰাকী “চোৰাং চিকাৰী”ক মঙলবাৰে ৰাতি অসম আৰক্ষী আৰু বন বিভাগৰ দলে বিশ্বনাথৰ বিহালীত গ্ৰেপ্তাৰ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় মাৰিবলৈ গৈ থকা অৱস্থাতে ৰাতি চোৰাং চিকাৰীসকলক আটক কৰা হয়, আৰক্ষীৰ ভাষ্যত প্ৰকাশ।

গ্ৰেপ্তাৰ হোৱা মণিপুৰৰ চিকাৰীজন পাওচাংথান গুইতে ওৰফে থাং বৈ (৩৩)। বাকীকেইজন বাবুল দাস ওৰফে দুদু (৪৪), বিমল বনিয়া ওৰফে বাবু (২৪) আৰু সুখদেৱ মুখিয়া ওৰফে গুলনা বিন (৫৫)।

বিহালীৰ বতিয়ামাৰী-ৰংচালি পথত এখন টেম্প’ত আহি থকা অৱস্থাত লোককেইজনক আটক কৰা হয়।

স্থানীয় আৰক্ষী আৰু অসম বন সুৰক্ষা বাহিনীৰ দ্বিতীয় বেটেলিয়নে অভিযানটো চলাইছিল।

গমিৰী বন সংমণ্ডলৰ ৰে’ঞ্জ অফিচাৰ নয়ন জ্যোতি গগৈ আৰু বিহালী আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰঞ্জু দুৱৰাই অভিযানটোৰ নেতৃত্ব দিছিল।

যোৱা ৪ নৱেম্বৰতো বিশ্বনাথ বন সংমণ্ডলৰ অভিযানকাৰী দলে নিশা অভিযান চলাই গহপুৰত “দুৰ্ধৰ্ষ চোৰাংচিকাৰী” পপৌ ওৰফে পবিত্ৰ কামানক কৰায়ত্ত কৰিছিল।

ইয়াৰ পূৰ্বে যোৱা ৩০ অক্তোবৰতো গহপুৰৰে আন দুজন “চোৰাংচিকাৰী”ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দলে বিশেষ টাস্ক ফৰ্চৰ সহযোগত কৰায়ত্ত কৰিছিল।

গহপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰোহিতাঘাটহৈ বোকাখাতলৈ আহি থকা অৱস্থাত ৰনোজ পেগু আৰু কিৰণ দাস ওৰফে মইনা দাসক কৰায়ত্ত কৰা হৈছিল।

বিভাগৰমতে, দুয়ো ব্যক্তি কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে আহিছিল।

তেওঁলোকৰ পৰা এটা ৩০৩ ৰাইফল, ৭ জাঁই সক্ৰিয় গুলী, এডাল চাইলেঞ্চাৰ, অচিনাক্ত ৰাসায়নিক দ্ৰব্যৰ বটল, স্ক্ৰু ডাইভাৰ আৰু কেটাপা সদৃশ সঁজুলি জব্দ কৰা হৈছিল।

কিৰণ ওৰফে মইনা দাস কাজিৰঙাত গঁড় হত্যাৰ সৈতে পূৰ্বৰে পৰাই জড়িত বুলি উল্লেখ কৰি বিভাগে কোৱামতে, পেগু চলিত বৰ্ষৰ জুলাই মাহলৈকে কাজিৰঙাৰ ইটাভেটা বনশিৱিৰত গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল।