NORTHEAST NOW (Assamese)

ড্ৰাগছ সহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ

January 10, 2019 9:37 pm · এন ই নাও নিউজ
Updated: January 10, 2019 10:16 pm

অসমৰ হৈ ৰঞ্জী খেলা প্ৰাক্তন ক্ৰিকেটাৰ মুজামিল হকক আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে তেওঁৰ ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ষাপাৰা ৰলিং মিলৰ ওচৰৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হকক কেইবিধমান নিচাযুক্ত ঔষধসহ আটক কৰিছে। আজি দিনৰ প্ৰায় ৯-৩০ বজাত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে আজি প্ৰাক্তন খেলুৱৈগৰাকীৰ পৰা কেইবিধমান নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে।

আৰক্ষীয়ে খেলুৱাগৰাকীৰ পৰা ২৮ গ্ৰাম হেৰ’ইন, নাইট্ৰচাম আৰু ২০০ প্লাজমো ৰপ্ৰজেছিক প্লাছ টেবলেট, ২ কাৰ্টন চেলফ্ৰেক্স কাফ ছিৰাপ, ১২০ বটল কৰেক্স কাফ ছিৰাপ আৰু ১২,৫০০ টকা জব্দ কৰে।

উল্লেখযোগ্য যে প্ৰাক্তন ৰঞ্জী খেলুৱৈগৰাকীক ইয়াৰ পূৰ্বেও ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান হকক ফটাশিল আৰক্ষী থানাত ৰখা হৈছে।

Related News