খাৰচাঙত নিৰাপত্তা বাহিনীৰ জালত এন এছ চি এন-কে “চাৰ্জেণ্ট”

Police net NSCN-K 'sergeant' in Arunachal Pradesh's Kharsang

ধৃত ৰায়ৰ সৈতে অভিযানকাৰী দল। ছবি- নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ খাৰচাঙত বৃহস্পতিবাৰে নিশা নিৰাপত্তা বাহিনীৰ জালত পৰিছে এজন এন এছ চি এন-কে “চাৰ্জেণ্ট”।

ধৃত যুৱকজনক নেত্ৰ কুমাৰ ৰায় ওৰফে কেশৱ ওৰফে টুটু (২৭) বুলি চিনাক্ত কৰা হৈছে।

ৰায়ৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং থানাৰ অন্তৰ্গত নামগৈ ৪ গাঁৱত বুলি জানিব পৰা গৈছে৷

আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৭১ বেটেলিয়ন আৰু ১৩ আই আৰ, জয়ৰামপুৰৰ যৌথ অভিযানত নামচিক দলঙৰ সমীপত তেওঁ আটক হৈছে৷

অভিযানকাৰী দলটোৱে তেওঁৰ পৰা এখন ক’লা ৰঙৰ নম্বৰপ্লেটবিহীন পালচাৰ বাইক আৰু ম্যানমাৰ আৰু নেপালৰ মুদ্ৰা উদ্ধাৰ কৰিছে৷

বৰ্তমান তেওঁক খাৰচাং আৰক্ষীৰ জিম্মাত আছে।

ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৮৪/৫১১ ধাৰা বেআইনী কাৰ্য্যকলাপ ৰোধ আইনৰ ১০/১৩নং ধাৰাত এক গোচৰ (নং ১৫/২০১৯) গোচৰ ৰুজু কৰা হৈছে।