NORTHEAST NOW (Assamese)

উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে কামৰূপত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

December 4, 2023 12:47 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 4, 2023 12:55 pm

কামৰূপত দুৰ্নীতি নিবাৰক শাখাই (ভিজিলেন্স এণ্ড এণ্টি-কৰাপছন ব্যুৰোৱে) ৪০০০ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ এজন বিষয়াক।

সূত্ৰ অনুসৰি, কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী থানাত নিযুক্তি দিয়া বিষয়াজন যাদৱ শৰ্মা বুলি জানিব পৰা গৈছে।

ধৃত বিষয়াজনে অভিযোগকাৰীৰ পৰা এটা গোচৰ নিষ্পত্তি কৰিবলৈ উৎকোচ দাবী কৰিছিল।

লগতে পঢ়কঃ কৰ্ণাটকৰ পিছত তেলেংগানাত শাসনত বহুৱালে কংগ্ৰেছক; কোন এইজন ‘দক্ষিণৰ পি কে’?

কিন্তু উৎকোচ দিবলৈ অনিচ্ছুক ব্যক্তিজনে ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপে।

অভিযোগৰ ভিত্তিত জাল পেলাই ভিজিলেন্সে শৰ্মাক উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰে।

আৰক্ষী বিষয়া শৰ্মাৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়কঃMizoram 2023 Assembly Election Result: নাটকীয় উত্থানেৰে মিজোৰামত চৰকাৰ গঠনৰ দিশে জেড পি এম! ছন্দপতন জোৰামথাংগাৰ এম এন এফৰ

এক সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে শৰ্মা আৰু তেওঁৰ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। 

Related News