NORTHEAST NOW (Assamese)

ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণেৰে তামুলপুৰত আৰক্ষী বিষয়াৰ মহানুভৱতা

April 11, 2020 6:34 am · দীপক কুমাৰ পাঠক
খাদ্য সামগ্ৰী বিতৰণৰ সময়ত আৰক্ষী বিষয়া গৰাকী

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া ল’কডাউনৰ বাবে বৰ্তমান তীব্ৰ খাদ্য সংকটত ভুগিবলগীয়া হৈছে গ্ৰাম্যাঞ্চলৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ।

এনে দুৰ্যোগৰ সময়ত দুখীয়া শ্ৰেণীৰ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিল তামুলপুৰ মহকুমাৰ  সুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়ো।

আৰক্ষী বিষয়া গৰাকীয়ে জন্ম স্থান তামুলপুৰ মহকুমাৰ অধীনস্থ তিনি পুখুৰী গাঁৱত ২২ টা পৰিয়ালক চাউল, দাইল, আলু, মিঠাতেল, পিয়াজ আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে।

আৰক্ষী বিষয়া গৰাকীয়ে সুৱাগপুৰ আৰক্ষী চকী এলেকাত বিগত সময়ত প্ৰায় আঢ়ৈশ পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে।

যিহেতু তেওঁৰ নিজৰ জন্ম ঠাইত তেওঁৰ মৃত্যু হ’লে এই গাঁৱৰ  লোক সকলেই তেওঁৰ অন্তিম সৎকাৰ কৰিব লাগিব সেয়ে তেওঁ এই অঞ্চলৰ লোকৰ বিপদৰ সময়ত সহায় নকৰিলে ভুল কৰা হ’ব বুলি অনুভৱ কৰিয়েই আৰক্ষী বিষয়া ৰাজেন বড়োয়ে এই পদক্ষেপ লোৱা বুলি সদৰী কৰে।

Related News