একৈশ দিনীয়া লকডাউনত গৃহবন্দী কৃষ্ণাই অঞ্চলৰ বহু সম্বলহীন পৰিয়ালৰ বাবে যেন আশাৰ কিৰণ হৈ উজলি উঠিছে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞা ৷
আৰক্ষী বিষয়া ভূঞাই প্ৰশাসনিক হেজাৰ ব্যস্ততাৰ মাজতো দুৰ্গত জনতাৰ মাজত চলাই গৈছে সাহায্য অভিযান ৷ তেওঁৰ এই মহান কাৰ্যত সহায় কৰিছে স্থানীয় এদল যুৱকে ৷
ভূঞাৰ নেতৃত্বতে যোৱা প্ৰায় এসপ্তাহে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ বহু গাঁৱত সচেতন যুৱকৰ দলটোৱে বিতৰণ কৰিছে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটিকৈ টোপোলা ৷
শুকুৰবাৰেও দলটোৱে আৰিমাৰা,চাৰিআলি,ঝৰাবড়ী,টুকুৰা,ভেলাখামাৰ আদি গাঁৱত এনেদৰে সাহায্য বিতৰণ কৰে ৷
ভূঞাৰ নেতৃত্বত অব্যাহত এই সাহায্য অভিযানৰ ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷
ইপিনে, গোৱালপাৰা জিলা বন বিভাগৰ ফালৰ পৰাও কৃষ্ণাই জ্যোতিনগত বহু দৰিদ্ৰ পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰা হয় ৷ জিলা বন বিষয়া গৰাকীয়ে এই সাহায্য অভিযানৰ নেতৃত্ব দিয়ে ৷