পুনৰ ৰাজধানী ঘেৰাওৰ বাবে দিল্লীমুখী পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষক; থৰকাছুটি হেৰাইছে আৰক্ষীৰ

ফটোঃ সংগ্ৰহীত।

পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকলে শস্যৰ নূন্যতম মূল্যকে ধৰি একাধিক দাবীৰে দিল্লী ঘেৰাও কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে নিশা গাজিয়াবাদ আৰু নয়দাৰ পথ অৱৰোধ কৰে হাজাৰ হাজাৰ কৃষকে। দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক আটক কৰি ৰাখিছে। ৰাজধানীলৈ যোৱা আটাইকেইটা পথতে বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে।

অহা মঙলবাৰে দিল্লীত জনসভা অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ পূৰ্বে দিল্লীৰ আশে-পাশে সমবেত সমাগমক কৃষক নেতাসকলে সম্বোধন কৰিব।

লগতে পঢ়কঃ পাকিস্তানৰ নিৰ্বাচনত ইমৰাণ খান আৰু নৱাজ শ্বৰীফ দুয়োজনৰে বিজয়ৰ দাবী; নীৰৱ নিৰ্বাচনী আয়োগ

তিনিবছৰ পূৰ্বে ঐতিহাসিক কৃষক আন্দোলনৰ মূল দাবী আছিল শস্যৰ নূন্যতম মূল্য। নৰেন্দ্ৰ মোডী চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিলেও মূল দাবী পূৰণ নহ’ল। এতিয়া পুৰণি দাবীৰ লগত সংযোজন কৰা হৈছে কৃষক আৰু কৃষি শ্ৰমিকক পেঞ্চন প্ৰদানকে ধৰি কৃষি বিজ্ঞানী এম এছ স্বামীনাথন কমিটীৰ পৰামৰ্শ কাৰ্যকৰীকৰণ।

শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰয়াত কৃষি বিজ্ঞানী স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কৃষক নেতা মহেন্দ্ৰ সিং টিকায়েটে ঘোষণা কৰে যে মঙলবাৰৰ ৰাজহুৱা সভাৰ পিছত পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ’ব।

লগতে পঢ়কঃ আন্তৰ্জাতিক এদিনীয়াত শ্ৰীলংকাৰ হৈ প্ৰথম ডাবল চেঞ্চুৰীৰ অভিলেখ গঢ়িলে পাথুম নিছাংকাই

ইপিনে, দিল্লী সীমান্তত কৃষকক আৱদ্ধ কৰি ৰাখিবলৈ যোৱাবাৰৰ দৰে বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে ৰাজধানীৰ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ যোৱা পথত ৫ হাজাৰ আৰক্ষীক মোতায়েন কৰা হৈছে।

আনহাতে, শুকুৰবাৰে নিশাৰ পৰা কৃষকসকলে পূর্বৰ দৰে পথ অৱৰোধ কৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে৷