NORTHEAST NOW (Assamese)

কোনো নিচাজাতীয় দ্ৰব্য নহয়! দুজন লোকৰ পৰা ২০ কেজি ৰসগোল্লা জব্দ কৰিলে আৰক্ষীয়ে, ক’ত?

May 6, 2021 4:38 pm · এন ই নাও নিউজ

কোনো নিচাজাতীয় অথবা চোৰাং সামগ্ৰী নহয়, ২০ কেজি ৰসগোল্লা কঢ়িয়াই নিয়াৰ বাবে গ্ৰেপ্তাৰৰ সম্মুখিন হ’ল দুজন লোক।

শুনিবলৈ আজৱ লাগিলেও উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ আনন্দ উদযাপনৰ বাবে লোক দুজনে কঢ়িয়াই নিছিল ৰসগোল্লাখিনি।

তদুপৰি ৰসগোল্লাখিনি তেওঁলোকে মানুহৰ মাজত বিলাইও ফুৰিছিল।

কিন্তু হাপুৰ আৰক্ষী থানাত দুইজন লোককে নিৰ্বাচনী আয়োগৰ ক’ভিড বিধি ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ৰসগোল্লাখিনি জব্দ কৰে।

এই সংক্ৰান্তত হাপুৰ আৰক্ষীয়ে এটা টুইট কৰিছে।

লোককেইজনক জনসমষ্টিৰ মাজত ৰসগোল্লা বিতৰণ কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুযায়ী গ্ৰেপ্তাৰ কৰা হৈছে।

Related News