শিলচৰত হিতাধিকাৰীসকলৰ নামত অহা দুই ট্ৰাক চৰকাৰী টিনপাত জব্দ

truck

শিলচৰত জব্দ হোৱা টিনভৰ্তি ট্ৰাকদুখন।

শিলচৰত আৰক্ষীয়ে স্থানীয় লোকৰ খবৰৰ ভিত্তিত অভিযান চলাই কাছাৰ অনুসূচীত জাতিৰ হিতাধিকাৰী সকলৰ বাবে অনা দুই ট্ৰাক টিনপাত বাহন দুখনৰ সৈতে জব্দ কৰিবলৈ সক্ষম হয়।

এ এছ ০১-কে চি-০২৪৫ আৰু এ এছ ০১-জেচি-১৪৪৭ নম্বৰৰ দুখন ট্ৰাকে হিতাধিকাৰীসকলৰ বাবে অনা টিনপাত খিনি শিলচৰৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ পৰিবৰ্তে চাব্বাছপুৰৰ ৰংমাই উপাধিধাৰী এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰত মজুত কৰিবলৈ নিয়াৰ সময়ত অঞ্চলটোৰ ৰাইজৰ ঘটনা সন্দৰ্ভত সন্দেহ ওপজে আৰু তেওঁলোকে আৰক্ষীক সকলো কথা অৱগত কৰে।

ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী বাহিনীৰ দল উপস্থিত হৈ গাড়ী দুখনৰ লগতে বৃহৎ পৰিমাণৰ টিনপাতখিনি উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত মহকুমা কল্যাণ বিষয়াৰ নিৰ্দেশত আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখন মোকলাই দিয়া হয়। বৰ্তমান জব্দ কৰা টিনপাত খিনি শিলচৰৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ গুডামত মজুত কৰা হৈছে।

স্থানীয় ৰাইজে সাংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি দুখীয়া হিতাধিকাৰীসকলে লাভ কৰিবলগীয়া টিনপাত খিনি অবৈধভাবে বিক্ৰী কৰাৰ বাবে এনেদৰে লৈ অহা হৈছিল। তেওঁলোকে সমগ্ৰ ঘটনাৰ আৰক্ষীৰ তদন্ত বিচাৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহি হিতাধিকাৰীসকলকৰ মাজত টিনপাতখিনি বিতৰণ কৰি দিয়াৰ বাবে আহ্বান জনায়।