NORTHEAST NOW (Assamese)

মিয়াওত ন-দিহিঙৰ চাপৰিৰ ইকৰাৰ মাজত উদ্ধাৰ লাখ টকাৰ কানি

July 27, 2019 5:47 pm · মানস প্ৰতীম গগৈ
ন-দিহিঙৰ চাপৰিত ধৃত যুৱককেইজনৰ সৈতে অসামৰিক পোচাকত অৰুণাচল প্ৰদেশৰ মিয়াও আৰক্ষী। ছবি সৌজন্য-- নৰ্থ ইষ্ট নাও।

তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ মিয়াওত ন-দিহিঙৰ চাপৰিত ইকৰাৰ মাজত শনিবাৰে উদ্ধাৰ হৈছে ৮ বটল কানি।

চাংলাং জিলাৰ মিয়াও আৰক্ষীৰ অভিযানত কেইবালাখ টকা মূল্যৰ কানিখিনিৰ লগতে জব্দ হৈছে বহু পৰিমাণে কানি প্ৰস্তুতকাৰী সামগ্ৰী। লগতে গ্ৰেপ্তাৰ হৈছে দুজন কানি ব্যৱসায়ী।

ধৃত কানি সৰবৰাহকাৰীকেইজন হৈছে কামাখ্যাপুৰ গাঁৱৰ সুধাধন চাকমা আৰু অভয়পুৰ গাঁৱৰ অমূল্য ৰতন চাকমা নামৰ দুজন যুৱক৷

দুয়ো যুৱকৰ জেৰাত কানিৰ বেহা সম্পৰ্কত বহু তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে মিয়াও আৰক্ষীয়ে।

গোপন সূত্ৰৰ পম খেদি মিয়াও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অসামৰিক পোচাকত অভিযানটো চলিছিল।

অৰুণাচল প্ৰদেশৰ এই অঞ্চলসমূহৰ পৰাই অসমৰ তিনিচুকীয়ালৈ ব্যাপক হাৰত কানি-ড্ৰাগছ আদি মাৰাত্মক নিচাজাতীয় দ্ৰৱ্য দীৰ্ঘদিনধৰি সৰবৰাহ হৈ থকাৰ ৰাজহুৱা অভিযোগ আছে৷

তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ, ইনথেম, নগাপথাৰ, লালমাটি, ব্ৰহ্মাজান, কেটেতং আদি অঞ্চলত নিচা কবলত পৰিছে একাংশ যুৱক৷

লিডু, জাগুন, লেখাপানী আদি অঞ্চলতো এই বেহা বিয়পি পৰিছে।

কিছুদিন পূৰ্বে উলুপ-ইনথেম গাঁৱৰ একাংশ মহিলাই নগা পথাৰৰ নিবাসী গুডু গোহাঁই, মাইচাংপানী গাঁৱৰ নিবাসী সঞ্জীৱ সোণোৱাল আৰু তিনিচুকীয়াৰ মাকুমৰ নিবাসী ওম বৰুৱা নামৰ যুৱক কেইজনক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাতে-লোটে ধৰি পেঙেৰী আৰক্ষীক গতাই দিছিল৷

মহকুমাটোত দীৰ্ঘদিনৰ পৰা অব্যাহত থকা এনে নিচাজাতীয় দ্ৰব্যৰ বেহা সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে ধাৰাৱাহিকভাৱে প্ৰতিবাদ কৰি আহিছে।

কিন্তু বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে জনোৱাৰ পিছতো এতিয়াও ৰোধ হোৱা নাই নিচাৰ কাৰবাৰ।

আবকাৰী বিভাগৰ লোকে নিয়মমাফিক তালাচীৰে দুই এজন লোকক ধৰি বাঃ বাঃ লয় আৰু আচল বেপাৰীসকলৰ সৈতে গোপন বুজাবুজি চলাই থাকে, স্থানীয় ৰাইজৰ মুকলি অভিযোগ।

বিষয়টোত এতিয়া মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷

Related News