৫০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ! অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক চমন দিল্লী আৰক্ষীৰ

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আকস্মিক মৃত্যুত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে জেললৈ যাবলগীয়া হৈছিল। কিন্তু তাৰপিছতো তেওঁৰ জনপ্ৰিয়তা কমি যোৱা নাই।

পুনৰ নিজৰ কৰ্মক্ষেত্ৰলৈ উভতি আহিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ইতিমধ্যে তেওঁৰ প’ডকাষ্টৰ কেইবাটাও ভিডিঅ’ নেটত ভাইৰেল হৈ পৰিছে। কিন্তু কৰ্মস্থলীলৈ ঘূৰি অহাৰ পিছত পুনৰ বিপদত পৰিছে অভিনেত্ৰীগৰাকী।

প্ৰৱঞ্চনাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰিয়াক চমন জাৰি কৰিছে। এটা এপৰ পৰাই মূলতঃ সমস্যাটো আৰম্ভ হৈছে। অভিযোগ কৰা হৈছে যে সেই এপটো ব্যৱহাৰ কৰি গ্ৰাহকে মুঠ ৫০০ কোটি টকা হেৰুৱাইছে।

লগতে পঢ়কঃ হঠাৎ হৃদৰোগত আক্ৰান্ত! কমেও ৩০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুৰ কোলাত ঢলি পৰিল বাছ চালক

আচলতে ৰিয়া সেই এপটোৰ প্ৰধান মুখ। ছচিয়েল মিডিয়াতো তেওঁ এই এপটোৰ প্ৰচাৰ কৰে। সেই ধন বিনিয়োগ এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে কোটি কোটি টকা হেৰুৱাইছে। এই অভিযোগত দিল্লী আৰক্ষীয়ে ৰিয়াক চমন কৰিছে।

কিন্তু এইবাৰ তেওঁ অকলশৰীয়া নহয়। লগতে জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং, জনপ্ৰিয় ছ’চিয়েল মিডিয়া ফেচ এলভিছ যাদৱো বিপদত পৰিছে। মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁলোককো আৰক্ষীয়ে জেৰা কৰিব। অসংখ্য ব্যৱহাৰকাৰীৰ অভিযোগ লাভ কৰাৰ পিছত দিল্লী আৰক্ষীৰ এই পদক্ষেপ।

জনা যায় যে প্ৰথমে এই এপটোত বিনিয়োগ কৰে তেন্তে ব্যৱহাৰকাৰীয়ে কেইবাগুণো অধিক ধন ঘূৰাই পাব। কিন্তু সেয়া নহ’ল। বৰঞ্চ কোটি কোটি টকা ব্যৱহাৰকাৰীয়ে হেৰুৱাইছে।

লগতে পঢ়কঃদুৰ্দান্ত বলিং, সাৱলীল বেটিঙেৰে প্ৰথমখন টি-২০ মেচত বাংলাদেশক ৭ উইকেটত হৰুৱালে ভাৰতে

এই এপটো প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত। তেতিয়াৰ পৰাই ই নেটৰ জৰিয়তে বিপুল প্ৰভাৱ বিয়পাইছে। এইবাৰ এই এপটোৰ প্ৰৱঞ্চনাৰ জালতে জড়িত হৈ পৰিল তাৰকাকেইগৰাকী।