টীয়কত ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ তৎপৰতা

nagg

যোৰহাট জিলাৰ টীয়কৰ চিন্তামনিগড় অঞ্চলত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে আৰক্ষী- আবকাৰী চিআৰ পি এফৰ এটা বৃহৎ দলে অঞ্চলটো পৰিভ্ৰমণ কৰে ।

পৰিভ্ৰমণ কৰা দলটোত জিলা খনৰ তিনি গৰাকীকৈ অতিৰিক্ত উপায়ুক্ত, আবকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়া সহ স্থানীয় চক্ৰ বিষয়া,আৰক্ষী বিষয়া আদি উপস্থিত থাকি অঞ্চলৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে।

লগতে সকলোকে কভিড বিধি অৱলম্বন কৰি ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত থকা কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ বাবে কভিড সংক্ৰমণ বৃদ্ধি পাইছে বুলি বিভিন্ন মহলে অভিযোগ উত্থাপিত কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে উক্ত অঞ্চলত অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে ক’ভিডৰ সংক্ৰমণ ৰোধিবলৈ প্ৰশাসনক সকলো দল সংগঠন ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই অতিৰিক্ত উপাযুক্ত দামোদৰ বৰ্মনে।