এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে যে আৰক্ষী বিষয়াই নিজৰ ইউনিফৰ্মৰ ব্যৱহাৰ কৰি নিৰীহ লোকৰ ক্ষতি কৰিব নোৱাৰে। উল্লেখ্য যে ২০২২ চনৰ জুন মাহত কান্নাউজৰ এখন আৰক্ষী আউটপোষ্টত এজন চিকিৎসক আৰু তেওঁৰ বন্ধু-বান্ধৱীক নিৰ্যাতন, আক্ৰমণ আৰু অবৈধভাৱে আটক কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ চাৰিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰাজ বীৰ সিঙৰ নেতৃত্বত গঠিত আদালতে কয় যে এনে কাৰ্য্য আৰক্ষী বিষয়াজনৰ চৰকাৰী কৰ্তব্যৰ অংশ নহয় আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলৈ চি আৰ পি চিৰ ১৯৭ ধাৰাত চৰকাৰী অনুমতিৰ প্ৰয়োজন নাই।
বিশেষ অপাৰেচন গ্ৰুপৰ অংশ হিচাপে থকা অভিযুক্ত বিষয়াসকলৰ বাহনৰ সৈতে ভুলবশতঃ চিকিৎসকগৰাকীৰ গাড়ীৰ সংঘৰ্ষত লিপ্ত হয়। অভিযোগ অনুসৰি বিষয়াসকলে চিকিৎসকজনৰ গাড়ীখন ৰখাই তেওঁক আৰু তেওঁৰ সংগীসকলক আক্ৰমণ কৰাৰ লগতে তেওঁৰ ফোনটোৰ ক্ষতিসাধন কৰে আৰু তেওঁৰ সোণৰ চেইন আৰু নগদ ধন ৰাখি থয় আৰক্ষীৰ চেকপইণ্টত এঘণ্টাৰো অধিক সময় ৰাখিছিল।
ইফালে বিষয়াসকলে দাবী কৰিছিল যে তেওঁলোক টহল দি আছে আৰু গোচৰ চলাবলৈ চৰকাৰী অনুমোদনৰ প্ৰয়োজন, কিন্তু আদালতে তেওঁলোকৰ কাৰ্য্য আৰু চৰকাৰী কৰ্তব্যৰ মাজত কোনো সম্পৰ্ক বিচাৰি নাপালে। আদালতে চিকিৎসকগৰাকীৰ এই গোচৰটো বাতিল কৰিবলৈ কৰ্তৃপক্ষই কৰা আবেদন নাকচ কৰে।
আদালতৰ এই সিদ্ধান্তই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে আৰক্ষী বিষয়াসকলে আইনৰ পৰিসৰৰ ভিতৰত কাম কৰিব লাগিব আৰু নিজৰ কৰ্তৃত্বৰ অপব্যৱহাৰ কৰিব নালাগে। আদালতে জোৰ দি কয় যে ইউনিফৰ্ম পৰিধান কৰিলে বিষয়াসকলে নাগৰিকক আক্ৰমণ বা লুটপাত কৰাৰ অধিকাৰ নাপায়। ১৯৭ নং ধাৰা চি আৰ পি চিৰ অধীনত পূৰ্বৰ অনুমোদনৰ প্ৰয়োজনীয়তাক বাদ দি আদালতে নিশ্চিত কৰিলে যে বিষয়াসকলে তেওঁলোকৰ কাৰ্য্যৰ বাবে বিচাৰৰ সন্মুখীন হ’ব লাগিব।
এই সিদ্ধান্তক আৰক্ষীক জবাবদিহি কৰাৰ লগতে অবৈধ আৰক্ষীৰ আচৰণৰ পৰা নাগৰিকক সুৰক্ষা দিয়াৰ এক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।