NORTHEAST NOW (Assamese)

ছয় জনগোষ্ঠীক এছ টি দিলেই হাগ্ৰামাৰ ৰাজনৈতিক কেৰিয়াৰ শেষ : ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি

January 15, 2019 8:47 pm · এন ই নাও নিউজ
Updated: January 15, 2019 8:57 pm
হাগ্ৰামা মহিলাৰীৰ স্থিতিৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মন্তব্য ৰঞ্জিত কুমাৰ বৰগয়াৰীৰ।

জনজাতিকৰণ দাবী কৰি থকা অসমৰ ছটা জনগোষ্ঠীক এছ টি ষ্টেটাছ দিয়াৰ লগে লগে বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক কেৰিয়াৰ এক প্ৰকাৰ অন্ত পৰিব। আজি এইদৰে এক প্ৰকাৰৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে যে বিপজ্জনক হ’ব তাকেই বুজালে ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰগায়ৰীয়ে। আজি ভোগালী বিহুৰ দিনটোত মেজিৰ জুইত ট্ৰাইবেল সংঘই জনজাতিকৰণ বিধেয়কখন দাহ কৰে। তাৰ মাজতে সংবাদ মাধ্যমৰ আগত ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি বৰগয়াৰীয়ে এক প্ৰকাৰৰ সকীয়াই দিয়ে হাগ্ৰামা মহিলাৰীক।

“বি টি চিৰ এলেকাত যদি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হয়, তেতিয়া হ’লে বি টি চিত বড়োসকলৰ বাবে একো নাথাকিব।” তেওঁ শংকা প্ৰকাশ কৰি কয়।

আনহাতে হাগ্ৰামাৰ স্থিতিক সমালোচনা কৰি কয়, “হাগ্ৰামা মহিলাৰীয়ে কৈ আছে ‘এওঁলোকক জনজাতি কৰিলে আমাৰ আপত্তি নাই’, কিন্তু তেওঁৰ ভেটিয়েই নাথাকিব। কাৰণ জনজাতি জনজাতিয়েই। ইয়াৰ কোনো এ বি চি কেটেগৰি নাই।” বৰগয়াৰীয়ে কয়।

হাগ্ৰামাক তেওঁ আহ্বান জনাইছে বি টি এ ডিক এতিয়া থকাৰ দৰেই ৰখাৰ বাবে। “বেলেগে এছ টি হৈ বি টি চি দখল কৰাটো আমি কামনা নকৰো।”, সংবাদ মাধ্যমৰ আগত বৰগয়াৰীয়ে কয়। তেওঁ হাগ্ৰামাৰ অধীনত বিটিচিত উন্নতি হৈছে বুলিও স্বীকাৰ কৰে।

উল্লেখযোগ্য যে অসমত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে তৎপৰতা লোৱা বুলি প্ৰচাৰ চলাই আছে। আনহাতে যোৱা ১২ জানুৱাৰিত দিল্লীত এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, য’ত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মও উপস্থিত আছিল।

Related News