বোকাখাত সমষ্টিত বলিছে বিধান সভা নিৰ্বাচনৰ বতাহ, অতুল বৰাৰ বিৰুদ্ধে গৰ্জন

IMG-20201229-WA0053

আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে বোকাখাত সমষ্টিত আৰম্ভ হৈছে বিভিন্ন দলৰ নিৰ্বাচনী সক্ৰিয়তা ৷

সমষ্টিটোৰ বিভিন্ন স্থানত এই উদ্দেশ্যৰে আৰম্ভ কৰিছে নিৰ্বাচনী সভা ৷ আজি বোকাখাতৰ কৈলাখাততো প্ৰণৱ দলেৰ সমৰ্থনত এখন সভা অনুষ্ঠিত হয় ৷ জীপালকৃষক-শ্ৰমিকসংঘ আৰু য়ুথফৰবোকাখাত নামৰ এক গোটৰ উদ্যোগত কৈলাখাত নাট্য মন্দিৰতঅনুষ্ঠিত এই  সভাত স্থানীয় শিল্পী মনো বৰা, অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী হৰেণ নেও‌গ, অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ৰাজেন চন্দ্ৰ বৰা, বোধন মুৰ্মু, মমতা দলে, বিনোদ বৰুৱা, মৃদুল বৰা, বীণা হাজৰিকা আদিয়ে অংশ গ্ৰহণ কৰি বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানৰ আঁত ধৰে য়ুথ ফৰ বোকাখাতৰ প্ৰবীণ পেগুৱে ৷ অনুষ্ঠানত বোকাখাতৰ বিধায়ক কেবিনেট মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি প্ৰবীণ পেগুয়ে কয় যে  কেৱল মাত্ৰ আধাৰশিলাৰ ৰাজনীতিৰে সমষ্টিৰ জনতাক প্ৰতাৰণা কৰা , মহিলাক সুৰক্ষা দিব নোৱাৰা, দুৰ্নীতি পৰায়ণ মন্ত্ৰী অতুল বৰাক আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনত বোকাখাত বিধায়ক পদৰ পৰা অপসাৰণ কৰি এখন নতুন বোকাখাত গঢ়াৰ সংকল্প লোৱা হৈছে৷

সভাত য়ুথ ফৰ বোকাখাতৰ সমৰ্থিত প্ৰণৱ দলেই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে দিশপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে৷

আনকি, ভুৱা আঞ্চলিকতাবাদেৰে কেৱল মাত্ৰ ক্ষমতাৰ লোভতে অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অতুল বৰাই শাসনৰ গাদী দখল কৰি কেৱল লুণ্ঠনহে চলাইছে৷

বোকাখাতৰ জনগণৰ কোনো সমস্যাৰ সমাধান নকৰি কেৱল নিজে টনকিয়াল হোৱা তথা ভোটৰ ৰাজনীতিত মত্ত থকা মন্ত্ৰী অতুল বৰাই জনগণক কৰা বিশ্বাসঘাতকতাৰ বাবেই এইবাৰ ৰাইজে অতুল বৰাক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে বুলিও প্ৰণৱ দলেই সভাত মন্তব্য কৰে ৷

আজিৰ সভাত উপস্থিত থাকি জীপালকৃষক-শ্ৰমিকসংঘৰ নেতা সোণেশ্বৰ নৰহে বোকাখাতৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উভালি সুস্থ আঞ্চলিকতাবাদ গঢ়াৰ সংকল্প লৈ যুৱ নেতা প্ৰণৱ দলেক আগন্তুক বিধান সভাৰ নিৰ্বাচনত ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় ৷উক্ত সভাতে চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে কৃষকবিদ্ৰোহৰ ওপৰত এখন পেইণ্টিং কেনভাচত অংকন কৰে৷