জনজাতিকৰণৰ ৰাজনীতি

জনজাতিকৰণৰ modality যদি ঠিকেই হোৱা নাই, বিধেয়কখন উত্থাপিত হ’ল কেনেকৈ, আৰু আছে কি তাত? মন্ত্ৰী গোটৰ পৰামৰ্শ যদি বিধেয়কতকৈ পৃথক হয়, তেন্তে বিধেয়কৰ ভাগ্য কি হ’ব?

First meeting of GoM on ST to 6 communities in Assam

জনজাতিকৰণ সন্দৰ্ভত গঠিত মন্ত্ৰী গোটৰ প্ৰথম বৈঠকৰ ছবি, যোৱা ২০ জানুৱাৰিৰ। সৌজন্য-- ফে’চবুক।

নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬ক কেন্দ্ৰ কৰি অসম উতলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰ দ্বাৰা অসমৰ বিধেয়কবিৰোধী আন্দোলনক দুৰ্বল কৰিব বিচাৰিছে। এই ঘোষণা বা সিদ্ধান্তবোৰৰ অধিকাংশই আগন্তুক সংসদীয় নিৰ্বাচনলৈ লক্ষ্য কৰি হুৰমুৰকৈ অনা সিদ্ধান্ত।

সদ্য সমাপ্ত লোকসভা অধিৱেশনৰ সময়ত কৰা দুটা গুৰুত্বপূৰ্ণ ঘোষণা আছিল– (ক) অসম চুক্তিৰ ৬নং দফাৰ কাৰ্য্যকৰীকৰণৰ বাবে এক সমিতি গঠনৰ সিদ্ধান্ত আৰু (খ) অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৰাজ্যসভাত সংবিধান সংশোধনী বিধেয়ক পেচ।

প্ৰথমটো সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে গঠন কৰা সমিতিখনত থাকিবলৈ অস্বীকাৰ কৰে অধিকাংশ মনোনীত সদস্যই। এই “অস্বীকাৰ”ক আমি দুই ধৰণেৰে চাব পাৰো। হয় কেন্দ্ৰীয় চৰকাৰে ইমান ততাতৈয়াকৈ এই সিদ্ধান্ত লৈছিল যে সমিতিত অন্তৰ্ভুক্ত কৰা সদস্যসকলৰ লগত আগতীয়া আলোচনাৰ বাবেও গৃ্হ বিভাগৰ সময় নাছিল। অথবা কেন্দ্ৰীয় চৰকাৰে এখেতসকলক নিজৰ ইমান ওচৰৰ মানুহৰূপে ভাবিছিল যে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল।

সি যি নহওক, সদস্যসকলৰ পদত্যাগে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে আমাক স্পষ্ট কৰিলে।

এতিয়া আহোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰসংগলৈ। জানুৱাৰিৰ প্ৰথম সপ্তাহত চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ শেহৰ ফালে হঠাৎ সংবাদ মাধ্যমত বাতৰি ওলাল অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে সংবিধান সংশোধনী বিধেয়ক ৰাজ্যসভাত পেচ কৰাৰ। এই সিদ্ধান্তই নতুনকৈ জনজাতি হ’ব খোজাসকলক আনন্দিত কৰিলে আৰু একেসময়তে ইতিমধ্যেই জনজাতিৰূপে ঘোষিতসকলে যুযুধান স্থিতি গ্ৰহণ কৰিলে। এই দুই শিবিৰৰ সম্পূৰ্ণ বিপৰীতমুখী স্থিতিয়ে সমস্যাটোৰ জটিলতা আমাৰ আগত স্পষ্ট কৰে।

এই জটিলতাৰ বিষয়ে জনাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে তৰাহুৰাকৈ সিদ্ধান্ত ঘোষণা কৰিলে। জনজাতিকৰণৰ modality (ধৰণ/ আৰ্হি) কি সেয়াও অস্পষ্ট। আৰু চৰকাৰী পক্ষৰ দুই এক প্ৰভাৱশালী ব্যক্তিৰ মন্তব্যই আমাৰ আগত কেৱল ধুঁৱলী-কুঁৱলী ছবি এখনহে দাঙি ধৰিলে।

জনজাতিকৰণ কৰিলেই নহ’ব। ই সংবিধান সন্মতও হ’ব লাগিব। তদুপৰি এক সহমতৰ ভিত্তিত সিদ্ধান্ত হ’লেহে সমস্যাটোৰ প্ৰকৃত সমাধান হ’ব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই সমস্যাটোক অধিক জটিল কৰাৰ সম্ভাৱনা আছে। সিদ্ধান্তটোৰ আঁৰত সমস্যাটোৰ সমাধানতকৈ, নিৰ্বাচনী অংকইহে যে কাম কৰিছিল সেই কথা আমি তলৰ বক্তব্যৰ দ্বাৰা প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিম।

১। এখন বিধেয়কৰ উত্থাপন হ’ল এটা প্ৰক্ৰিয়াৰ চূড়ান্ত ৰূপ। বিধেয়ক এখন সংসদত পেচ কৰাৰ আগতেই তাৰ সকলো দিশ চালিজাৰি চোৱা হয়। এক কথাত বিধেয়কখন সংসদত উত্থাপিত হোৱাটোৱেই এটা প্ৰক্ৰিয়াই শেষ পৰ্য্যায় পোৱা বুজায়। কিন্তু জনজাতিকৰণ সম্পৰ্কীয় বিধেয়কখন সংসদত উত্থাপন কৰাৰ পাছত হঠাৎ গঠন কৰা হৈছে এক মন্ত্ৰী গোট– জনজাতিকৰণৰ modality ঠিক কৰাৰ কাৰণে।

Modality যদি ঠিকেই হোৱা নাছিল তেনেক্ষেত্ৰত বিধেয়কখন উত্থাপিত হ’ল কেনেকৈ, আৰু আছে কি তাত? ধৰা হওক মন্ত্ৰীস্তৰীয় সমিতিয়ে আগবঢ়োৱা পৰামৰ্শবোৰ সংসদত পেচ কৰা বিধেয়কখনৰ ব্যৱস্থাৱলীতকৈ পৃথক, তেনেক্ষেত্ৰত বিধেয়কখনৰ ভাগ্য কি হ’ব? যদি মন্ত্ৰীস্তৰীয় সমিতি গঠনেই কৰিব লাগে, তেনেহ’লে ততাতৈয়াকৈ বিধেয়কখন অনাৰ ৰহস্য কি আছিল?

২। আমি আগতেই কৈছোঁ জনজাতিকৰণ অসমৰ পটভূমিত এক স্পৰ্শকাতৰ বিষয়। এই দাবীৰ এটা মেৰুত অৱস্থান কৰিছে নতুনকৈ জনজাতি হ’ব খোজাসকলে আৰু আনটো মেৰুত আছে ইতিমধ্যেই জনজাতীয় বুলি ঘোষিতসকল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ উগ্ৰ বিৰোধী পূৰ্বৰ পৰা জনজাতি হৈ থকা সকল। সমস্যাটোৰ জটিলতালৈ লক্ষ্য ৰাখি এক সহমতৰ ভিত্তিত কোনো এক সিদ্ধান্তলৈ অহাৰ প্ৰয়োজন আছিল। দুয়োপক্ষৰ মাজত আলোচনা-বিলোচনাৰ ব্যৱস্থাৰে তেনে এক সহমতত উপনীত হ’ব পাৰি। এনেধৰণৰ আলোচনাৰ ব্যৱস্থা কৰাৰ ক্ষমতা চৰকাৰখনৰ আছিল। কিন্তু, দুৰ্ভাগ্যবশতঃ চৰকাৰৰ তৰফৰপৰা তেনে পদক্ষেপ লোৱা নহ’ল। বৰঞ্চ, কোনো ধৰণৰ আলোচনা-বিলোচনা নোহোৱাকৈয়ে জনজাতিকৰণৰ সিদ্ধান্ত লোৱা হ’ল। জনজাতিকৰণৰ modality কি হ’ব, সেয়াও ৰাজহুৱা কৰা নহ’ল। যাৰ ফলত, পোনচাটেই জনজাতীয় সংগঠনসমূহে বন্ধ ঘোষণা কৰিলে। অৰ্থাৎ এই কাৰ্য্যৰ দ্বাৰা জনজাতীয় হ’ব বিচৰা আৰু ইতিমধ্যেই জনজাতি হৈ থকা সকলৰ মাজত অযথা উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰা হ’ল। উদ্দেশ্য, এনে বিভাজনৰ দ্বাৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক দুৰ্বল কৰা।

চৰকাৰৰ উদ্দেশ্যৰ সততা সম্পৰ্কে এই কাৰণেই প্ৰশ্ন উঠে যে, শাসনাধিষ্ঠ ভাৰতীয় জনতা দলৰ চৰকাৰে প্ৰায় চাৰে চাৰিটা বছৰ বিষয়টোৰ ওপৰত বহি থাকি শেষমুহূৰ্ততহে জনজাতিকৰণৰ বাবে সিদ্ধান্ত ল’লে।

৩। জনজাতিকৰণৰ প্ৰসংগত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সিদ্ধান্তটোৰ সাংবিধানিক বৈধতা। সংবিধানৰ ৩৪২নং অনুচ্ছেদে জনজাতিকৰণৰ কথা কৈছে। এই অনুচ্ছেদত কোৱা হৈছে— “The President [may with respect to any state or Union Territory] and where it is a state after consultation with the Governor [thereof] by public notification specify the castes, races or tribes or parts of or groups within castes, races or tribes which shall for the purpose of this constitution be deemed to be scheduled castes in relating to that state [or the union territory as the case may be]”।

আনহাতেদি অনুচ্ছেদ ৩৪২ (২)এ সংসদক এখন কোনো জাতি, জনগোষ্ঠী, বৰ্ণ বা তেওঁলোকৰ মাজৰ একাংশক জনজাতি ৰূপে ঘোষণা কৰা তালিকাৰ অন্তৰ্ভুক্ত কৰা অথবা ইতিমধ্যে তালিকাভুক্ত কোনো সম্প্ৰদায়ক তালিকাৰ পৰা বাহিৰ কৰাৰ ক্ষমতা প্ৰকাশ কৰিছে। এই ক্ষমতাৰ প্ৰয়োগেৰে The Constitution (Scheduled Tribe) Order, 1950 প্ৰকাশ কৰা হৈছিল, য’ত বিভিন্ন ৰাজ্যৰ বহু সম্প্ৰদায়ক “জনজাতি” স্বীকৃতি প্ৰদান কৰা হৈছে।

সংবিধানৰ ৩৪২নং অনুচ্ছেদ আৰু ১৯৫০ চনৰ The Constitution (Scheduled Tribe) order– আমি একেলগে পঢ়িলে এটা কথা স্পষ্ট হৈ পৰে যে জনজাতি ঘোষণা এখন ৰাজ্য বা ৰাজ্যখনৰ ভিতৰৰ কোনো এটা অঞ্চল সাপেক্ষ। ইয়াত কোনো সুকীয়া শ্ৰেণী (category)ৰ ব্যৱস্থা নাই।

লগতে পঢ়ক– জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

অসমৰ উদাহৰণেই লোৱা যাওক। অসমৰ ক্ষেত্ৰত কিছুসংখ্যক জাতি, জনগোষ্ঠীক জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে কেৱল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত। আনহাতে আন কেতবোৰ গোষ্ঠীক “জনজাতি” ঘোষণা কৰা হৈছে দুই পাহাৰীয়া জিলাক বাদ দি অসমৰ বাকী অঞ্চলৰ বাবে।

Constitutional (Schedule Tribe) order, 1950ত না “জনজাতি (ভৈয়াম)” বুলি উল্লেখ আছে না “জনজাতি (পাৰ্বত্য)” বুলি উল্লেখ আছে। অসম চৰকাৰে কেৱল তেওঁলোকৰ সুবিধাৰ বাবে পাহাৰীয়া জিলা দুখনত “জনজাতি” স্বীকৃতি পোৱাসকলক “জনজাতি পাৰ্বত্য” আৰু আনসকলক “জনজাতি (ভৈয়াম)” আখ্যা দিছে।

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কি modality ল’ব সেই সম্পৰ্কে আভাষ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কাৰ্বি আংলঙৰ কোনো সভাত জনজাতি (অন্যান্য) বুলি নতুন এক শ্ৰেণী (category) সৃষ্টিৰ কথা কৈছে। এয়া সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি। কিন্তু জনজাতিৰ বাবে নতুন এক শ্ৰেণী সৃষ্টি কৰা এনে ধৰণৰ কোনো ব্যৱস্থা সংবিধানত নাই।

সংবিধান মতে তেওঁলোকক “জনজাতি” ৰূপেই স্বীকৃতি দিব লাগিব। অসমৰ কোনো অঞ্চলক বাদ দি এই ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যাদা দিব পাৰিব। যদি তৃতীয় এটা category সৃষ্টিৰ উদ্দেশ্য বৰ্তমানে “জনজাতি” স্বীকৃতি পোৱাসকলক শান্ত কৰাই হয়, তেনেক্ষেত্ৰত পাহাৰীয়া জিলা দুখন আৰু ভৈয়ামৰ স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলবোৰক বাদ দি এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰিব লাগিব। কিন্তু এনে কৰিলে “জনজাতি” ঘোষণা কৰাৰ অৰ্থই বা থাকিল কি?

কোনো ধৰণৰ সহমত নোহোৱাকৈ, কোনো ধৰণৰ modality ঠিক নকৰাকৈ কৰা জনজাতিকৰণৰ ঘোষণাই বিষয়টো অধিক জটিল কৰাৰহে সম্ভাৱনা আছে।

যোৱা সময়ছোৱাত ভাৰতীয় জনতা দলৰ নেতৃত্বৰ চৰকাৰখনে আৰম্ভ কৰা ৰাজনীতিয়ে কেৱল অসমত হিন্দু-মুছলমান, অসমীয়া-বাঙালী, জনজাতীয়-অজনজাতীয়ৰ বিভাজনক সাৰ-পানী যোগাইছে। সন্দেহ নাই এনে বিভাজনৰ ৰাজনীতিয়ে তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰে, কিন্তু এনে ৰাজনীতিয়ে বৃহত্তৰ সমাজখনৰ কঁকাল ভাঙে।

অসমৰ ৰাইজে চৰকাৰখনৰ এনে উদ্দেশ্যক টং কৰা ভাল।

(লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ ই-মে‘ইল ঠিকনা: sant.barthakur@yahoo.co.in)