• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

গুৱাহাটীত মন্ত্ৰীগোটৰ প্ৰথম বৈঠকৰ পিছতে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2019 11:02 pm

2 min read

ST status: Assam GoM to start series of discussion from Monday

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

491
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন পৰিষদ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্ৰী গোটে।

অহা ১৫ ফেব্ৰুৱাৰিত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব লগা গোটটোৱে প্ৰথমে আলোচনাত মিলিত হ’ব ত্ৰাইবেল সংঘ আৰু অসমৰ ৬খন পৰিষদৰ সৈতে। আৰু তাৰ পৰৱৰ্তী পৰ্য্যায়ত জনজাতিকৰণৰ দাবীদাৰ গোষ্ঠীসমূহৰ প্ৰতিনিধিৰ সৈতে মন্ত্ৰীগোটটো আলোচনাত বহিব।

“২৮ জানুৱাৰিত ত্ৰাইবেল সংঘ, ২৯ জানুৱাৰিত বিটিচি আৰু ৩০ জানুৱাৰিত মিচিং, তিৱা, দেউৰী, ৰাভা, সোণোৱাল আৰু ঠেঙাল এই ৬খন পৰিষদৰ সৈতে আমি আলোচনাত বহাৰ সিদ্ধান্ত লৈছো। তাৰ পিছত তিনিদিন ৬টা গোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে আমি আলোচনাত বহিম,” দেওবাৰে গুৱাহাটীত মন্ত্ৰীগোটৰ প্ৰথমখন বৈঠকৰ পিছত সংবাদ মাধ্যমক জনাই অধ্যক্ষ শৰ্মাই।

তেওঁ লগতে জনাই যে জনজাতিকৰণৰ দাবীদাৰ জনগোষ্ঠীৰ জনসংখ্যাৰ তথ্য ত্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু বিভিন্ন সংস্থাৰ পৰা লোৱাৰ বাবে দেওবাৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক– নিৰ্বাচনৰ আগত জনজাতিকৰণক লৈ বিজেপিৰ ‘নাটক’

শৰ্মাক অধ্যক্ষ, অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মক আহ্বায়ক আৰু নৱ কুমাৰ দলে, পল্লৱ লোচন দাস, তপন গগৈক সদস্যৰূপে লৈ যোৱা ১৪ জানুৱাৰিত গোটটো গঠন কৰা হৈছিল।

যোৱা ১২ জানুৱাৰিত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বি টি চি মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিত দৈমাৰী, বিপিএফ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বৈঠকত এই মন্ত্ৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হৈছিল।

অসমৰ ৬টা জনগোষ্ঠীক ক্ষমতালৈ আহিলে ৬ মাহৰ ভিতৰতে জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমালোচিত হৈ আহিছে।

কেন্দ্ৰৰ শেহতীয়া পদক্ষেপকো আসন্ন লোকসভা নিৰ্বাচন আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা ব্যাপক আন্দোলনক মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা হৈছে বুলি অসমৰ বিভিন্ন দল-সংগঠনে সমালোচনা কৰিছে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd