চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ : ৰাতাবাৰীৰ এটা ভোটকেন্দ্ৰত ইভিএম বিকলৰ ঘটনা

by-polls-570x427

প্ৰতিনিধিত্বমূল ফটো

সোমবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা অসমৰ চাৰিটা সমষ্টি ৰঙাপাৰা, সোণাৰি, ৰাতাবাৰী আৰু জনিয়াৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বিয়লি ৫ বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব।

জানিব পৰা মতে, ৰাতাবাৰী সমষ্টিৰ ডানিৰবন্দ নিম্ন প্ৰাথমিক বিদ্যালয়ত ইভিএম বিকল হোৱাৰ ফলত ব্যহত হয় ভোটদান প্ৰক্ৰিয়া।

প্ৰায় এক ঘন্টা সময় ভোটদান বন্ধ থকাৰ পাছত বৰ্তমানে ভোটকেন্দ্ৰত  ছেক্টৰ অফিচাৰ সহ অন্যান্য বিষয়াসকল আহি উপস্থিত হয়।

উপ নিৰ্বাচনটোত ২০ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৬,৭৮,৮৯৮গৰাকী ভোটাৰে। ইয়াৰে ৩,২৭,৮০৩গৰাকী ভোটাৰ হৈছে মহিলা।

নিৰ্বাচন আয়োগে ৰাতাবাৰীত ২০২টা, জনিয়াত ২২৯টা, ৰঙাপাৰাত ১৯৭টা আৰু সোণাৰিত ২০২টা ভোটগ্ৰহণ কেন্দ্ৰৰে মুঠ ৮৩০টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে।

দুগৰাকী বিধায়ক তথা মন্ত্ৰী পল্লৱলোচন দাস(ৰঙাপাৰা), আৰু তপন গগৈ (সোণাৰি), উপাধ্যক্ষ কৃপানাথ মাল্লা(ৰাতাবাৰী) আৰু কংগ্ৰেছ বিধায়ক আব্দুল খালেক (জনিয়া) লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে উক্ত চাৰিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ৰঙাপাৰাত পাঁচগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপিৰ ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোৰ আন কেইগৰাকী প্ৰাৰ্থী হৈছে চিপিআই এমৰ ৰয়েল চোৰেং, এছয়ুচিআইৰ সঞ্জিত ৰাজবংশী আৰু ভাৰতীয় গণ পৰিষদৰ অৰূপ কুমাৰ চৌধুৰী।

সোণাৰিত বিজেপিৰ নবনীতা সন্দিকৈ আৰু কংগ্ৰেছৰ সুশীল ছুৰিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব।

ৰাতাবাৰীত চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে যদিও মূল প্ৰতিদ্বন্দ্বিতা বিজেপিৰ বিজয় মালাকৰ আৰু কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকৰ মাজতে সীমাবদ্ধ থাকিব। সমষ্টিটোত এছয়ুচিআয়ে বীৰেন্দ্ৰ ৰবিদাসক প্ৰাৰ্থিত্ব দিছে আৰু পৰীক্ষিত ৰয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

জনিয়াত সৰ্বাধিক ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। জনিয়াৰ যুঁজখন ত্ৰিকোণীয়া হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ তৌফিকুৰ ৰহমান, কংগ্ৰেছৰ ছামছুল হক আৰু এআইয়ুডিএফৰ হাফিজ ৰফিকুল ইছলামৰ মাজতে নিৰ্বাচনী যুঁজখন সীমাবদ্ধ থাকিব।

সমষ্টিটোৰ আনকেইগৰাকী প্ৰাৰ্থ হৈছে এনপিপিৰ চান্দ মহম্মদ, আপৰ ফাৰুক খান, চিপিআইএমৰ ৰুষ্টম আলী, নিৰ্দলীয়া আব্দুল জলিল তালুকদাৰ, ডেম’ক্ৰেটিক পাৰ্টি অফ ইণ্ডিয়াৰ ৰফিকুল ইছলাম আৰু নিৰ্দলীয় সুভাষ সূত্ৰধৰ।

দেওবাৰে পুৱাৰ ভাগতে নিৰ্বাচনী বিষয়াসকলে ভোটগ্ৰহণৰ বাবে চাৰিটা সমষ্টিৰ ৮৩০টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছিল।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ কুমাৰ চাহুৱে দেওবাৰে গণতন্ত্ৰক শক্তিশালী কৰি তুলিবলৈ সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ বাবে আহ্বান জনায়।

অসম চৰকাৰে ২১ অক্টোবৰৰ দিনটো এন আই এক্টৰ অধীনত চাৰিটা সমষ্টিত ভোটদানৰ বাবে ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে।

বৃহস্পতিবাৰে উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।