Polling of Thaora: উপ নিৰ্বাচনৰ ভোটগ্ৰহণ: থাওৰাত কেনেদৰে চলিছে ভোটদান প্ৰক্ৰিয়া; ভোটাৰৰ উৎসাহ কিমান?

Polling of Thaora

ফটো: নৰ্থইষ্ট নাও।

Polling of Thaora : আজি ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হৈ আছে উপ নিৰ্বাচন। তাৰে ভিতৰত আন এটা আকৰ্ষণীয় সমষ্টি হৈছে ১০৭ নং থাওৰা বিধান সভা সমষ্টি। পুৱা ৭ বজাৰ পৰাই সমষ্টিটোৰ ১৭৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।

আমাৰ হাতত পৰা তথ্য অনুসৰি পুৱা ১১ বজালৈকে থাওৰাত ৩৮.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে।

ভোটদাতা ৰাইজে উৎসাহ-উদ্দীপনাৰ সৈতে ভোট গ্ৰহণ কেন্দ্ৰলৈ অহা পৰিলক্ষিত হৈছে।

অনুকূল বতৰৰ বাবে পুৱাৰ সময়তে যথেষ্ঠ সংখ্যক লোক ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ।

ভোট গ্ৰহণ কেন্দ্রৰ সমুখত পুৱাৰ পৰাই দেখা গৈছে ৰাইজৰ দীঘলীয়া শাৰী।

১,১৫,৯৭১ গৰাকী ভোটাৰে ভোটাধিকাৰৰ জৰিয়তে এই সমষ্টিৰ পৰা  নিৰ্বাচনত অৱতাৰ্ণ হোৱা ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

Also Read: Crime in the City মহানগৰীত পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ড; মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য!

কেন্দ্ৰসমূহত মুঠ ১৮ গৰাকী ছেক্টৰ বিষয়াৰ তত্বাৱধানত ৭৯৬ গৰাকী কৰ্মচাৰীয়ে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ব্যস্ত আছে।

ভোট যুদ্ধত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে ৮৩৫ নং কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে ডিমৌ টাউন হাইস্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

Also Read: Aryan Khan walks out : ২৬দিনৰ অন্তত জে’লৰ বাহিৰলৈ আৰিয়ান; মন্নতত আদৰিলে শ্বাহৰুখ-গৌৰীয়ে

ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে ৰূপহিবাম প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত আৰু চি পি আই দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে ১ নং কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখ্য যে অহা ২ নৱেম্বৰত এই উপ নিৰ্বাচনৰ ভোট গণনা কৰা হব।।