জহি-খহি গৈছে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীৰ নামনি গেজেৰা উপ-স্বাস্থ্যকেন্দ্ৰ

Majuli Sub center

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ পয়ালগা স্বাস্থ্য ব্যৱস্থাৰ কথা কৈ অন্ত নপৰে। উপযুক্ত স্বাস্থ্যসেৱাৰ অভাৱত যোৰহাটলৈ প্ৰেৰণৰ পথতে কেইবাজনো ৰোগীয়ে মৃত্যুক সাৱটি ল’ব লগীয়া হোৱাৰ পিছতো চৰকাৰৰ কাণসাৰ নাই।

জিলাখনৰ বিভিন্ন প্ৰান্তত থকা উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ জৰাজীৰ্ণ তথা পুতৌলগা অৱস্থাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ নগ্ন স্বৰূপটোকে উদঙাই দিছে।

বিশেষকৈ উজনি মাজুলীৰ অতি দুৰ্গম অঞ্চল নামনি গেজেৰাত ২০০২ চনতে স্থাপিত উপ-স্বাস্থ্য কেন্দ্ৰটো স্বাস্থ্য বিভাগৰ অমনোযোগিতাৰ বাবেই দিনক দিনে পৰিত্যক্ত অৱস্থালৈ গতি কৰাৰ লগতে চৌহদৰ বেৰাও জহি-খহি গৈছে। যাতায়াত-যোগাযোগ, স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত উজনি মাজুলীৰ এনাইচুক, গেজেৰা, চাউৰেকীয়া, কেং মিলিকে ধৰি মাজুলীৰ দাতিকাষৰীয়া লখিমপুৰ জিলাৰ খজুৱা মিলি, খজুৱা পাতিৰ আদি গাওঁসমূহৰ জনসাধাৰণে প্ৰাথমিক চিকিত্সাৰ বাবে ভৰসা কৰিব পৰা একমাত্ৰ নামনি গেজেৰা উপ-স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনীয় নিম্নতম সুবিধাসমূহো পাবলৈ নাই। ফলত বিভিন্ন সময়ত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

ইয়াৰোপৰি উজনি মাজুলীৰ প্ৰথম স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে ১৯৮০ চনতে স্থাপন কৰা নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটোও বৰ্তমান মেৰামতিৰ অভাৱত জহি-খহি গৈছে যদিও স্বাস্থ্য বিভাগে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে, নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটোৰ অধীনত অঞ্চলটোৰ নয়াবজাৰ, বৰবিল, ফুটচাং, কান্ধুলিমাৰি, বাহনিবাৰী আদি কেইবাখনো গাঁৱৰ জনসাধাৰণে স্বাস্থ্যসেৱাৰ বাবে উক্ত কেন্দ্ৰটোৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। বিশেষকৈ প্ৰসুতি সকলৰ উপৰি শিশুসকলক সময়ে সময়ে বিভিন্ন প্ৰতিষেধক প্ৰদান কৰাৰ বাবে উপ-স্বাস্থ্যকেন্দ্ৰসমূহৰ প্ৰয়োজন অতি জৰুৰী।

কিন্তু দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা নয়াবজাৰ উপ-স্বাস্থ্যকেন্দ্ৰটো জৰাজীৰ্ণ হোৱাৰ উপৰি চৌহদৰ ভিতৰখন অস্বাস্থ্যকৰ হৈ পৰাত স্বাস্থ্যসেৱা আগ বঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

অঞ্চলটোৰ ৰাইজে অতিকৈ পুৰণি উপ-স্বাস্থ্যকেন্দ্ৰ দুটা মেৰামতিৰ লগতে যাৱতীয় সকলো সুবিধা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে উজনি মাজুলীবাসীয়ে মাজুলী জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ তথাকথিত দক্ষ মন্ত্ৰীজনৰ অধীনৰ স্বাস্থ্য বিভাগটোৱে বিগত সময়ছোৱাত নতুন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ কথা ঘোষণা কৰিলেও গাৱঁৰ মানুহৰ প্ৰাথমিক স্বাস্থ্যসেৱা আৰু স্বাস্থ্য সজাগতাৰ ঘাই ভৰসা উপ-স্বাস্থ্যকেন্দ্ৰবোৰৰ স্বাস্থ্যহীনতাই ইয়াৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।