ভেটিকানত পোপ ফ্ৰান্সিছে মুকলি মনেৰে ক’লে, ‘যৌনতা ঈশ্বৰৰ উপহাৰ’

ভেটিকানৰ পোপ ফ্ৰান্সিছ। ফাইল ফটোঃ সংগ্ৰহীত।

ভেটিকানৰ পোপ হ’লেও তেওঁ সদায় মুকলি মনৰ। তেওঁৰ উদাৰ মনোভাৱৰ বাবেও সমগ্ৰ বিশ্বতে জনপ্ৰিয়। সেই পোপ ফ্ৰান্সিছে এইবাৰ কৈছে, যৌনসুখ আচলতে ‘ঈশ্বৰৰ উপহাৰ’। কিন্তু একে সময়তে তেওঁ সোঁৱৰাই দিলে যে যৌনসুখক ধৈৰ্য্যৰে অনুশাসন কৰা উচিত।

যোৱা বুধবাৰে তেওঁ ভেটিকানত জনসাধাৰণক সম্বোধন কৰিছিল। তাতেই পোপে এই বিষয়ে কয়। ইয়াৰ পূৰ্বে ‘The Pope Answers’ নামৰ এখন তথ্যচিত্ৰত তেওঁ কোৱা শুনা গৈছিল যে, “যৌনতা মানৱ জীৱনলৈ ঈশ্বৰৰ আচৰিত উপহাৰ”।

লগতে পঢ়কঃ কোচিং চেণ্টাৰত ১৬ বছৰ অনুৰ্ধৰ বাবে নামভৰ্তি বন্ধ; কেন্দ্ৰৰ নতুন নিৰ্দেশনা

তেওঁ এইবাৰো পুনৰ একেটা কথাই কৈছে। পৰ্ণগ্ৰাফীৰ বিষয়েও তেওঁ সকীয়াই দিছে। তেওঁ কয় যে যে পৰ্ণগ্ৰাফীয়ে ‘সম্পৰ্ক অবিহনে সন্তুষ্টি’ প্ৰদান কৰে, যিটো সময়ৰ লগে লগে আসক্তি হৈ পৰে।

পোপৰ ভাষাত, “আমি প্ৰেমক ৰক্ষা কৰিব লাগিব। কামনাৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’বলৈ আজীৱন প্ৰচেষ্টাৰ প্ৰয়োজন। কামনাই লুণ্ঠন কৰে, খৰখেদাকৈ খায়, আনৰ কথা শুনিব নিবিচাৰে। বিবাহক বিৰক্তিকৰ বুলি বিচাৰ কৰে।”

লগতে পঢ়কঃগুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ১৪ বছৰীয়া কিশোৰীক উত্তৰ প্ৰদেশত উদ্ধাৰ

ইয়াৰ পূৰ্বেও পোপ ফ্ৰান্সিছে যৌন সম্পৰ্কৰ বিষয়ে বাৰে বাৰে মুখ খুলিছে। ২০২৩ চনত তেওঁ সমলিংগ দম্পতীক বিয়াৰ পিছত যাজকসকলক আশীৰ্বাদ দিবলৈ অনুমতি দিছিল। অৱশ্যে গীৰ্জাৰ এই নিয়ম মানি চলিব নোৱাৰি বুলিও তেওঁ কয়।