NORTHEAST NOW (Assamese)

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

July 2, 2022 1:06 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

Actor Kishore Das passed away ৰাজ্যখনৰ নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসান।

চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল জনপ্ৰিয় অভিনেতা গৰাকী।

বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে।

পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী।

কম বয়সতে নিজৰ প্ৰতিভাৰ বলত দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতা কিশোৰ দাসে।

কিশোৰৰ অকাল মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।  

Related News