ষ্টাৰ প্লাছৰ ‘সাথ নিভানা সাথিয়া’ নামৰ ছিৰিয়েলখনত ‘গোপী বহু’ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিত হৈ পৰা জনপ্রিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যক শনিবাৰে আৰক্ষীয়ে গুৱাহাটীৰ পৰা সোধাপোছাৰ বাবে আটক কৰে।
মুম্বাইৰ প্ৰখ্যাত হীৰা ব্যৱসায়ী ৰাজেশ্বৰ কিশোৰীলাল উডানীৰ হত্যাৰ গোচৰ সংক্ৰান্তত অভিনেত্ৰীগৰাকীক গুৱাহাটীৰ পৰা আৰক্ষীয়ে আটক কৰে।
ভাৰতীয় টেলিভিশ্যন ধাৰাবাহিকৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ জন্ম অসমৰ শিৱসাগৰৰ নাজিৰাত।
উল্লেখযোগ্য যে মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ মহালক্ষ্মী এপাৰ্টমেণ্টৰ বাসিন্দা হীৰা ব্যৱসায়ী ৰাজেশ্বৰ কিশোৰীলাল উডানী যোৱা ২৯ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল।পাছত পনৱেল অঞ্চলত ব্যৱসায়ীজনৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়।
ইপিনে, উডানীৰ পুত্ৰই পন্তনগৰ আৰক্ষী থানাত এই ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ব্যৱসায়ীজনৰ কললিষ্টৰ ৰেকৰ্ডৰ ভিত্তিত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যসহ ২০গৰাকীকৈ বাৰ ডেন্সাৰক আৰক্ষীয়ে জেৰা কৰে। কললিষ্টৰ ৰেকৰ্ডত ব্যৱসায়ীগৰাকীৰ সৈতে দেৱলীনাই কেইবাবাৰো বাৰ্তালাপ কৰাৰ তথ্য লাভ কৰিছে।
জানিব পৰা মতে, ঘটনাস্থলীৰ চিচি টিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য মতে ৰাজেশ্বৰ কিশোৰীলাল উডানীয়ে নৱী মুম্বাইৰ দিশে আন এখন গাড়ীত গৈছিল। তেওঁৰ নিজৰ গাড়ীখন ইষ্টাৰ্ন এক্সপ্ৰেছ হাইৱে’ত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে সকলো তথ্য বিশ্লেষণ কৰি উডানীৰ হত্যাত ‘গোপী বহু’ জড়িত থকাটো নিশ্চিত কৰে। ইয়াৰ পাছতে শনিবাৰে গুৱাহাটীত বাহৰ পাতি থকা অৱস্থাত জনপ্ৰিয় অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে আটক কৰে। সম্প্ৰতি দেৱলীনাক মুম্বাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।